আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু; আৰক্ষী অধীক্ষকৰ পৰা ৰিপ’ৰ্ট বিচাৰিলে উচ্চ ন্যায়ালয়ে

IIT-Kharagpur Assam student’s death ল’ৰাটোৱে আত্মহত্যা কৰা নাছিল, বৰঞ্চ তেওঁক হত্যা কৰা হৈছিল। গতিকে চিআইডি বা বিশেষ অনুসন্ধানকাৰী দলে তেওঁৰ মৃত্যুৰ তদন্ত কৰা উচিত। আইআইটি খড়গপুৰৰ ছাত্ৰ অসমৰ ফাইজান আহমেদৰ পিতৃ-মাতৃয়ে এনে আবেদনৰ সৈতে কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

তেওঁলোকে দাবী কৰিছিল যে আৰক্ষীৰ ভাষ্যত কেইবাটাও বিসঙ্গতি আছে। এই আৱেদনৰ ভিত্তিত কলকাতা উচ্চ ন্যায়ালয়ে এই অস্বাভাৱিক মৃত্যু সন্দৰ্ভত পশ্চিম মেদিনীপুৰৰ আৰক্ষী অধীক্ষকৰ পৰা প্ৰতিবেদন বিচাৰিছে। প্ৰতিবেদনখন অহা বৃহস্পতিবাৰৰ ভিতৰত দাখিল কৰিব লাগিব।

লগতে পঢ়ক: গুজৰাট নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিলে নিৰ্বাচন আয়োগে; হিমাচল প্ৰদেশৰ সৈতেই হ’ব ভোটগণনা

১৪ অক্টোবৰত আইআইটি খড়গপুৰৰ লালা লাজপত ৰায় হলৰ এটা কোঠাত তৃতীয় বৰ্ষৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল। এজন ছাত্ৰ মৃত অৱস্থাত হোষ্টেলত পৰি থাকিল, আৰু আনকি তেওঁৰ শৰীৰটো পচিবলৈ আৰম্ভ কৰিলে অথচ কোনেও এইটো গমেই নাপালে?

আৰক্ষীয়ে এতিয়ালৈকে গোচৰটোৰ সন্দৰ্ভত ২০ জন লোকক সোধা-পোছা কৰিছে। তেওঁলোকৰ বেছিভাগেই শিক্ষাৰ্থী। লগতে সুৰক্ষা কৰ্মী আৰু হোষ্টেলৰ কৰ্মচাৰীও আছে।

অসমৰ তিনিচুকীয়াৰ বাসিন্দা ফাইজানৰ পিতৃ-মাতৃয়ে পুত্ৰৰ মৃতদেহ সংগ্ৰহ কৰিবলৈ অহাৰ সময়ত অভিযোগ কৰিছিল যে তেওঁলোকৰ পুত্ৰক হত্যা কৰা হৈছে। ফাইজানৰ দেউতাক চেলিম আহমেদ আৰু মাতৃ ৰেহানা আহমেদে ৩১ অক্টোবৰত তেওঁৰ পুত্ৰৰ মৃত্যুৰ চিআইডি তদন্ত বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আৱেদনত তেওঁলোকে কৈছিল যে ফাইজান তেওঁলোকৰ একমাত্ৰ সন্তান। তেওঁৰ কেনেকৈ মৃত্যু হৈছিল সেয়া অন্তত: চিআইডি, চিবিআই বা বিশেষ অনুসন্ধানকাৰী দলে তদন্ত কৰিব লাগে। কিয়নো তেওঁলোকৰ পুত্ৰৰ মৃত্যুৰ বহুতো প্ৰশ্নৰ উত্তৰ পোৱা হোৱা নাই। হয়তোবা তেওঁক হত্যাই কৰা হৈছিল।

লগতে পঢ়ক: টুইটাৰৰ পৰা তিনি হাজাৰৰো অধিক কৰ্মচাৰীক বিদায় দিব মাস্কে!

আদালতত তেওঁলোকৰ আবেদনত চেলিম আহমেদ আৰু ৰেহানা আহমেদে লগতে দাবী কৰিছে যে আৰক্ষীয়ে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিল যে ফাইজান মানসিকভাৱে অসুস্থ। তেওঁৰ আত্মহত্যাৰ আঁৰত আছে তেওঁৰ মানসিক ৰোগ। কাৰণ ফাইজানে এছিমিলেশ্যন কাৰ্যসূচীলৈ যাব বিচৰা নাছিল। উল্লেখ্য যে এয়া হৈছে আই আই টি খড়গপুৰৰ ৰেগিঙৰ পোছাকী নাম।

ইপিনে, কলকাতা উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা বৃহস্পতিবাৰে খড়গপুৰ টাউন আৰক্ষী থানাৰ পৰা কেছ ডায়েৰী খন তলব কৰিছে। আদালতে পশ্চিম মেদিনীপুৰৰ আৰক্ষী অধীক্ষকক এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক তদন্ত সঠিকভাৱে চলি আছে নে নাই চাবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক: চিৰিয়াখানাৰ পৰা পলাল পাঁচটা সিংহ: ঘোষণা কৰা হ’ল লক ডাউন

অহা বৃহস্পতিবাৰে পৰৱৰ্তী শুনানিৰ দিনা তদন্তকাৰী বিষয়া আৰু আৰক্ষী অধীক্ষকে নিযুক্ত কৰা জ্যেষ্ঠ বিষয়াজন আদালতত উপস্থিত থাকিব লাগিব। ভিচেৰা শীঘ্ৰেই পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব লাগিব। মৃত ছাত্ৰজনৰ সৈতে শেষবাৰৰ বাবে ফোনত কথা পতা ব্যক্তিজনক বিচাৰি উলিয়াব লাগিব। যদি প্ৰয়োজন হয় সকলোৰে সাক্ষ্য আৰু গোপন জবানবন্দী ল’ব লাগিব। হোষ্টেলত চিচিটিভি কেমেৰা আছে নে নাই সেয়াও আৰক্ষীয়ে পৰীক্ষা কৰিব।