পাশৱিক! মাতৃক গুলীয়াই, পত্নীক হাতুৰীৰে কোবাই, ৩ সন্তানক ছাদৰ পৰা পেলাই : পৰিয়ালৰ সকলোকে হত্যা কৰি নিজেও ল’লে চৰম সিদ্ধান্ত

গাৰ নোম শিয়ৰি উঠা এক ঘটনা। পৰিয়ালৰ সকলো সদস্যকে এজন এজনকৈ হত্যা কৰি নিজেও আত্মহত্যাৰ পথ বাচি ল’লে এজন মদ্যপ ব্যক্তিয়ে।

উত্তৰ প্ৰদেশৰ সীতাপুৰৰ অঞ্চলত সংঘটিত হৈছে এই পাশৱিক ঘটনা।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, সীতাপুৰৰ পলহাপুৰ গাঁৱৰ নিবাসী অনুৰাগ সিঙ (৪২) নামৰ এজন লোকে শনিবাৰে পুৱা আত্মহত্যা কৰে। আত্মহত্যা কৰাৰ পূৰ্বে লোকজনে প্ৰথমে নিজ মাতৃক গুলীয়াই হত্যা কৰে। তাৰ পিছত তেওঁ পত্নীক হাতুৰীৰে প্ৰহাৰ কৰি হত্যা কৰে। অৱশেষত ক্ৰমে ১২ বছৰ, ৯ বছৰ আৰু ৬ বছৰীয়া সন্তান তিনিটাক টানি টানি ছাদৰ ওপৰলৈ লৈ যায় আৰু তললৈ থেলি দিয়ে। সন্তান কেইটাক হত্যা কৰাৰ পিছত নিজেও আত্মহত্যা কৰে ব্যক্তিজনে।

জানিব পৰা মতে, ঘাতক অনুৰাগ সিং এজন মদ্যপায়ী আৰু ড্ৰাগছ আসক্ত ব্যক্তি। লগতে মানসিক সমস্যাও আছিল অনুৰাগ সিঙৰ।

প্ৰায়ে পৰিয়ালৰ লগত কাজিয়া কৰিছিল অনুৰাগ সিঙে। অনুৰাগক নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰাৰ কথা চিন্তা কৰিছিল মাতৃ আৰু পত্নীয়ে। এই কথাক লৈয়ে শুকুৰবাৰে নিশা মাতৃ আৰু পত্নীৰ সৈতে কাজিয়া কৰে অনুৰাগে।

ইয়াৰ পিছতে ৰাতিপুৱাই এজন এজনকৈ পৰিয়ালৰ সকলোকে হত্যা কৰি নিজেও গুলীয়াই আত্মহত্যা কৰে ব্যক্তিজনে।

আৰক্ষী আহি ছয়জন লোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।