বঙাইগাঁৱত মধ্যাহ্ন ভোজন আৰু শৌচালয় নিৰ্মাণৰ ধন আত্মসাত  কৰি গ্ৰেপ্তাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক

bonnnnhnn

মধ্যাহ্ন ভোজন আৰু শৌচালয় নিৰ্মাণৰ ধন আত্মসাতৰ অভিযোগত  এইবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বঙাইগাঁও জিলাৰ বিদ্যালয় এখনৰ প্ৰধান শিক্ষকক ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰধান শিক্ষকগৰাকী বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত সন্তোষপুৰ এম ভি স্কুলৰ প্ৰধান শিক্ষক আজগৰ আলী ( ৫৬ ) ৷

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে অহা ধন আত্মসাৎ কৰাৰ লগতে বিদ্যালয়খনৰ শৌচালয় নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগত প্ৰধান শিক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে ।

উল্লেখ্য যে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাই বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাত কিছুদিন পূৰ্বে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল ৷

প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ  ৪২০/৪০৯ নং ধাৰাৰ অধীনত ৮৯/১২ নম্বৰ গোচৰ ৰুজু কৰা হৈছিল উক্ত থানাত ৷ ইপিনে বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাই এই গোচৰ ৰুজু কৰাৰ পাছৰে পৰা প্ৰধান শিক্ষক  আজগৰ আলী পলাতক অৱস্থাত আছিল ৷

অৱশেষত বঙাইগাঁও আৰক্ষীয়ে এক অভিযান  চলাই পলাতক প্ৰধান শিক্ষকগৰাকীক নলবাৰী জিলাৰ মুকালমুৱাৰ ১ নং কাপলাবাৰীৰ আবুল বাচেৰৰ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে প্ৰধান শিক্ষক আজগৰ আলীৰ ঘৰ  বঙাইগাঁও জিলাৰ কোকিলাৰ মাজপাৰাত ৷