NORTHEAST NOW (Assamese)

কেইবাগৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

January 22, 2019 6:17 pm · এন ই নাও নিউজ

শিক্ষকতাৰ দৰে বৃত্তিত জড়িত হৈ তথা এখন বিদ্যালয়ৰ গুৰু দায়িত্বত থাকিও নিজৰ বিদ্যালয়ৰে কেইবাগৰাকী ছাত্ৰীক যৌন নিৰ্য্যাতন কৰাৰ অভিযোগত অভিযুক্ত হ’ল এজন প্ৰধান শিক্ষক।

নুনমাটি আৰক্ষী থানাৰ অধীনৰ চূণচালি প্ৰাথমিক বিদ্যালয়ৰ এইজন প্ৰধান শিক্ষকৰ নাম নীলধৰ কলিতা। অভিবাৱকসকলে অভিযোগ কৰামতে, বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰীক শিক্ষকজনে নিয়মীয়াকৈ যৌন নিৰ্য্যাতন চলাই আহিছিল। শেহতীয়াকৈ অভিভাৱকসকলে নিজৰ মাজতে এই সন্দৰ্ভত কথা-বতৰা হৈ কলিতাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লয়।

প্ৰধান শিক্ষকজনক নিৰ্য্যাতিত ছাত্ৰীৰ অভিভাৱকে দিয়া এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে আজি আটক কৰে। তেওঁৰ বিৰুদ্ধে পকছ’ (POCSO) আইনৰ ১০ ধাৰা অধীনত এটা গোচৰ (37/19) ৰুজু কৰিছে।

নুনমাটি আৰক্ষীয়ে জানিবলৈ দিয়ামতে, প্ৰধান শিক্ষক নীলধৰ কলিতাক ঘটনা  সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।

Related News