NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত শিহৰণকাৰী ঘটনা: পথত ওলাল নৱজাত শিশুৰ ছিন্ন মুণ্ড!

January 17, 2023 6:56 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 17, 2023 2:16 am

ডিব্ৰুগড় জিলাৰ শংসপাৰাত সোমবাৰে এক শিহৰণকাৰী দৃশ্যই সৃষ্টি কৰে তীব্ৰ চাঞ্চল্যৰ। অঞ্চলটোৰ সংযোগী পথত সোমবাৰে উদ্ধাৰ হয় এটি নৱজাত শিশুৰ ছিন্ন মূৰ।

ডিব্ৰুগড় জিলাৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পুৱা প্ৰায় ৬ বজাত এগৰাকী পথচাৰীয়ে প্ৰথমে পথৰ কাষত পৰি থকা নৱজাত শিশুটিৰ মূৰটো প্ৰত্যক্ষ কৰিছিল।

এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা মতে, পথচাৰীগৰাকীয়ে এই ছিন্ন মূৰটো দেখা পোৱাৰ পিছতে অঞ্চলটোৰ স্থানীয় লোকসকলক অৱগত কৰে।

ইয়াৰ পাছতে সমাগম হোৱা লোকসকলে অঞ্চলটোত স্থাপন কৰা চিচিটিভি কেমেৰা চেক কৰে আৰু পথৰ গৰাকীবিহীন কুকুৰ এটাই নৱজাতকৰ মূৰটো সেই স্থানলৈ অনা বুলি জানিব পাৰে।

ঘটনা সন্দৰ্ভত এগৰাকী স্থানীয় বাসিন্দাই কয়, “মই কিছু লোক সেই ঠাইত গোট খোৱা দেখিবলৈ পাইছিলো। ঘটনাটোৰ বিষয়ে বুজ ল’বলৈ ঘৰৰ পৰা ওলাই আহি ৰাস্তাত এটা নৱজাত কেঁচুৱাৰ মূৰ পৰি আছে বুলি জানিব পাৰোঁ।”

“মই লগে লগে আৰক্ষীক এই বিষয়ে অৱগত কৰিছিলো। কেঁচুৱাটোৰ বয়স প্ৰায় ১ সপ্তাহৰ পৰা এমাহৰ ভিতৰত হ’ব।”— তেওঁ লগতে কয়।

ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে ডিব্ৰুগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ছিন্ন মূৰটো উদ্ধাৰ কৰে। নৱজাত শিশুটিৰ দেহৰ বাকী অংশসমূহৰ সন্ধানত তদন্ত চলোৱা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Related News