NORTHEAST NOW (Assamese)

নিউমোনিয়াৰ থলুৱা ভেকচিন ‘নিউমোচিল’ উন্মোচন স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্দ্ধনৰ

December 29, 2020 5:10 pm · এন ই নাও নিউজ
Updated: December 29, 2020 5:36 pm

ভাৰতৰ স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্দ্ধনে ভাৰতৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত নিউমোনিয়াৰ ভেকচিন ‘নিউমোচিল’ আনুষ্ঠানিকভাৱে মুকলি কৰে।

চেৰাম ইষ্টিটিউট অফ ইণ্ডিয়া(এছ আই আই)ই নিউমোনিয়াৰ থলুৱাভাৱে নিৰ্মিত নিউমোনিয়াৰ ভেকচিনটো প্ৰস্তুত কৰি উলিয়াইছে।

‘‘ভাৰতে যিকোনো ভেকচিন কম খৰচত সুৰক্ষাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰাকৈ প্ৰস্তুত কৰি উলিওৱাৰ এয়া এক উদাহৰণ,’’ স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্দ্ধনে নিউমোচিল মুকলি কৰি এনেদৰে কয়।

আনহাতে, চেৰাম ইষ্টিটিউট অফ ইণ্ডিয়াৰ মুখ্য কাৰ্য্যবাহী আধৰ পোনাৱালাই কয় যে, নিউমোনিয়াৰ ভেকচিন নিউমোচিল চৰকাৰী বজাৰত ২২০ টকাত আৰু ব্যক্তিগত বজাৰত ৭৩৫ টকাত উপলব্ধ হ’ব।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত নিউমোনিয়াৰ ভেকচিন প্ৰস্তুত হোৱা বাতৰিয়ে জনসাধাৰণক উৎসাহিত কৰিছে।

দেশত কোভিডৰ সংক্ৰমণত প্ৰাণ হেৰুওৱা অধিকাংশ লোকৰে ডায়াবেটিছ আৰু নিউমোনিয়াত আক্ৰান্ত হোৱা।

ইপিনে, চেৰাম ইষ্টিটিউটে অক্সফোৰ্ডৰ সৈতে সন্মিলিতভাৱে ক’ৰ’নাৰ ভেকচিন বিকাশৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিশেষকৈ ক’ৰ’নাৰ ভেকচিন উৎপাদনৰ ক্ষেত্ৰত চেৰাম ইষ্টিটিউট অফ ইণ্ডিয়াৰ অৱদান অতি গুৰুত্বপূৰ্ণ নায়।

Related News