NORTHEAST NOW (Assamese)

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

August 28, 2018 2:34 pm · পুলেন্দ্ৰ দাস

পৰ্যাপ্ত চিকিৎসক, স্বাস্থ্যকৰ্মীৰ অভাৱৰ লগতে কেইবাটাও সমস্যাৰে জৰ্জৰিত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালখন আজি পৰিদৰ্শন কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বিভিন্ন সমস্যাৰ বুজ লোৱা পৰিলক্ষিত হয়৷ চিকিৎসা মহাবিদ্যালয় হাস্পতালখন পৰিদৰ্শন কৰাৰ পিছত অধ্যক্ষ, অধীক্ষকৰ লগতে অন্যান্য বিষয়ববীয়া সকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখযোগ্য যে ‘মেডিকেল কাউঞ্চিল অব ইণ্ডিয়া’ৰ প্ৰতিনিধিৰ দলে পৰিদৰ্শন কৰাৰ সময়ত যাতে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনে ভাল ফলাফল লাভ কৰিব পাৰে তাৰবাবে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ প্ৰতিগৰাকী চিকিৎসক আৰু কৰ্মচাৰীসকলক নিজৰ দায়িত্ব নিয়াৰিকৈ কৰি যোৱাৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷

আনহাতে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনলৈ চিকিৎসাৰ বাবে অহা ৰোগীসকলক যাতে সময়মতে উচিত চিকিৎসা সেৱা প্ৰদান কৰাত গুৰুত্ব প্ৰদান কৰে তাৰ বাবেও মন্ত্ৰীগৰাকীয়ে চিকিৎসক আৰু কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে ৷

Related News