NORTHEAST NOW (Assamese)

দুহেজাৰৰো অধিক কৰোণা ৰোগীৰ শৰীৰত ‘ব্লেক ফাংগাছ’ৰ সংক্ৰমণ পোৱা গৈছে এইখন ৰাজ্যত!

May 12, 2021 4:28 pm · এন ই নাও নিউজ
(প্ৰতিনিধিত্বমূলক ফটো)

কৰোণাত আক্ৰান্ত ৰোগীসকলৰ শৰীৰত ‘ব্লেক ফাংগাছ’ বা মিউকোৰমাইকোচিচৰ সংক্ৰমণ বৃদ্ধি পাইছে।

ইয়াৰ ফলত মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে চৰকাৰক সংকটত পেলাইছে, কিয়নো ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ তোপেই জনাইছে যে মহাৰাষ্ট্ৰত ২ হাজাৰৰো বেছি কৰোণা ৰোগীৰ শৰীৰত এই সংক্ৰমণ ধৰা পৰিছে।

”যি হাৰত ব্লেক ফাংগাছ ৰোগীৰ সংখ্যা বাঢ়িছে, তালৈ লক্ষ্য কৰিলে অনুমান কৰিব পাৰি যে ৰোগীৰ আৰু বৃদ্ধি হ’ব।”- স্বাস্থ্যমন্ত্ৰীজনে কয়।

এই সম্পৰ্কত চৰকাৰে মেডিকেল কলেজৰ স’তে যুক্ত হস্পিতালসমূহত মিউকোৰমাইকোচিচ হোৱা ৰোগীসকলক চিকিৎসা কৰাৰ ব্যৱস্থা কৰা বুলিও তেওঁ জনায়।

তেওঁ কয় যে এই সংক্ৰমণ হোৱা ৰোগীসকলৰ মৃত্যুহাৰ প্ৰায় ৫০ শতাংশ।

স্বাস্থ্যমন্ত্ৰীজনে কয় যে ৰাজ্য চৰকাৰে আৰম্ভ কৰা ‘মহাত্মা ফুলে জন আৰোগ্য যোজনা’ নামৰে যি স্বাস্থ্য বীমা প্ৰকল্প আছে, তাৰ আওঁতাত মহাৰাষ্ট্ৰত এক হাজাৰ হস্পিতাল আছে।

সেই হস্পিতালসমূহতে ‘ব্লেক ফাংগাছ’ ৰোগীসকলক বিনামূল্যে এই ৰোগৰ চিকিৎসা কৰা হ’ব বুলি তেওঁ জনায়।

তদুপৰি ব্লেক ফাংগাছ ৰোগৰ মূলক প্ৰতিৰোধী ঔষধ হিচাপে ব্যৱহাৰ কৰা ‘এস্ফোটেৰিচিন বি’ৰ দাম কমোৱাৰ কথাও ৰাজ্যখনৰ চৰকাৰে ভাবিছে বুলি তেওঁ উল্লেখ কৰে।

Related News