ভয়াৱহ ৰূপত অসমত কোভিডৰ গণ সংক্ৰমণ হ’বলৈ আৰম্ভ কৰিছে । দৈনিক ৬ হাজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে যোৱা তিনিদিনত ২১০ গৰাকী লোক কোভিডৰ বলি হ’বলগীয়া হৈছে।
প্ৰশাসন তথা আৰক্ষীয়ে জনসাধাৰণক বাৰেপতি অহৰহ মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাই আহিছে লগতে ৰাজহুৱা স্থানত সামাজিক দূৰত্বও মানিবলৈ আহ্বান জনাই আহিছে।
সংবাদ মাধ্যমেও সকলোকে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই অহা হৈছে।
কিন্তু তেনে সময়তে এই বৰমূৰীয়া অৰ্থাৎ মুখ্যমন্ত্ৰী, মন্ত্ৰীসকলক আহ্বান জনাব কোনে? বা এওঁলোকক জনসাধাৰণৰ দৰে ৰাজহুৱা স্থানত মাস্ক নিপিন্ধিলে ১০০০ টকা জৰিমনা বিহিব কোনে? বা কোভিড প্ৰট’কলৰ মূল নীতি সামাজিক দূৰত্ব মানি নচলাৰ বাবে দুৰ্য্যোগ প্ৰশমন আইনৰ অধীনত গোচৰ ৰুজু কৰিবলৈ কাৰোবাৰ সাহস আছে নে?
বাতৰিটোৰ লগত সংলগ্ন এই ফটোখন হৈছে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাৰ। অৰ্থ্যাৎ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাতৰ বাবে গৈছিল বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেবিনেটৰ মন্ত্ৰীসকল।
ফটোৰ বাবে ব্ৰহ্মপুত্ৰ অতিথিশালাৰ বাহিৰত প্ৰাক্তন মুখ্যমন্ত্ৰী, মন্ত্ৰীকে ধৰি ১৩ গৰাকী মন্ত্ৰীয়ে ফটোৰ বাবে প’জ দিছে।
ভালদৰে ফটোখনলৈ মন কৰিলে দেখিব এওঁলোকৰ মুখত কাৰোৰে মাস্ক নাই। প্ৰায়সংখ্যকে মুখৰ পৰিৱৰ্তে হাতত মাস্ক লৈ থকাহে দেখিবলৈ পোৱা গৈছে। আনকি তেওঁলোকৰ এজনে আনজনৰ পৰা ৬ ফুট দূৰত্ব বাদেই দিছো সকলোৱে গাত গা লগাই ফটো উঠাহে দেখিবলৈ পোৱা গৈছে।
ইয়াক লৈ এতিয়া সামাজিক মাধ্যমত বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজেই এই ফটোখন ছ’চিয়েল মেডিয়াত আপলোড কৰাত ফটোৰ তলত বহুতে কমেন্ট দিয়াও পৰিলক্ষিত হৈছে।
হিমাদ্ৰী দাস নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে কমেন্টত লিখি কয় ‘আমি আশা কৰো ভৱিষ্যত সময়ত এখন ভাল চৰকাৰ আহিব, কিন্তু আপোনালোকৰ মাস্ক ক’ত?
ঠিক সেইদৰে দ্বীপ টিটাৰীয়ে এনেদৰে লিখিছে ‘মাস্ক নাইকিয়া, সামাজিক দুৰত্ব নাইকিয়া গতিকে ই শাস্তিযোগ্য অপৰাধ।‘
আনহাতে, চন্দন টাটু গোহাঁইয়ে ফটোৰ তলত কমেন্ট কৰি কয় ‘সামাজিক দুৰত্ব নাই, মুখত মাস্ক নাই আপোনালোকে যে আইন ভংগ কৰিছে তাৰ ব্যৱস্থা কোনে ল’ব?
ইয়াৰোপৰি, ইমদাদ উল্লাহে কমেন্ট কৰি কয় ‘মাস্ক ক’ত ছাৰ? মাস্ক কি অকল সাধাৰণ মানুহৰ কাৰণে?’
আনহাতে, অৰ্পনা দাস নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে কমেন্ট কৰি কয় ‘মাস্ক নাই যে আপোনালোকৰ ক’ৰ’না নহয় নেকি?
ইব্ৰাহিম খালিলুল্লাহে কমেন্ট কৰি কয় ‘আপোনালোকৰ নিচিনা নেতাৰ কাৰণে ক’ৰ’না ইমান বৃদ্ধি হৈ আছে।‘
এনেদৰেই বহুতেই ক্ষোভ উজাৰি সৰ্বানন্দ সোণোৱালে আপলোড কৰা ফটোৰ তলত কমেন্ট কৰা দেখিবলৈ পোৱা যায়।
ইপিনে, সংবাদ মাধ্যমৰ লোকসকলক আজি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আহ্বান জনাই কয় ‘আপোনালোকে মাস্ক নিপিন্ধা লোকৰ ফটো নাইবা ভিডিঅ’ সংগ্ৰহ কৰি আমালৈ প্ৰেৰণ কৰিব। আৰক্ষীয়ে তেওঁলোকক চিনাক্ত কৰি আইনগতভাৱে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।‘
এতিয়া আৰক্ষীৰ এইসকল বৰমূৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে সাহস হ’ব নে?
উল্লেখযোগ্য যে, কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতো পাঁচ শতাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীসকলে শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰাক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল চৰকাৰৰ এইসকল বৰমূৰীয়াই আকৌ ছ’চিয়েল মিডিয়াত এনে ছবি আপলোড কৰিছে। এনে ছবিয়ে সাধাৰণ জনতাক কোভিড প্ৰ’টোকল ভংগ কৰিবলৈ উৎসাহিত নকৰিবনে বুুলিও সেয়ে এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিছে।
আনকি বিবাহ অনুষ্ঠানত কেৱল ২০ গৰাকী লোক উপস্থিত থাকিব পাৰিব বুলি যিখন চৰকাৰে জনসাধাৰণক আহ্বান জনাই সেই চৰকাৰে কেনেকৈ পাঁচ শতাধিক লোকৰ উপস্থিতিত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ অনুমতি পালে বুলিও একাংশই ছ’চিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন কৰিছে।