• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰমূৰীয়াৰ এনে নমুনা! সাধাৰণ জনতাক আৰক্ষীয়ে কিমান মাস্ক পৰিধান-সামাজিক দূৰত্বৰ কথা শিকাব?

সাধাৰণ মানুহক ১০০০ টকা জৰিমনা; আৰু এওঁলোকক জৰিমনা বিহিব কোনে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 12, 2021 4:38 pm
Covid protocol 1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভয়াৱহ ৰূপত অসমত কোভিডৰ গণ সংক্ৰমণ হ’বলৈ আৰম্ভ কৰিছে । দৈনিক ৬ হাজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে যোৱা তিনিদিনত ২১০ গৰাকী লোক কোভিডৰ বলি হ’বলগীয়া হৈছে।

প্ৰশাসন তথা আৰক্ষীয়ে জনসাধাৰণক বাৰেপতি অহৰহ মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাই আহিছে লগতে ৰাজহুৱা স্থানত সামাজিক দূৰত্বও মানিবলৈ আহ্বান জনাই আহিছে।

Apply Now

সংবাদ মাধ্যমেও সকলোকে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই অহা হৈছে।

cov44
মুখ্যমন্ত্ৰীৰ মুখত নাই মাস্ক,চন্দ্ৰমোহনৰ ডিঙিতহে ওলমিছে মাস্ক

 

কিন্তু তেনে সময়তে এই বৰমূৰীয়া অৰ্থাৎ মুখ্যমন্ত্ৰী, মন্ত্ৰীসকলক আহ্বান জনাব কোনে? বা এওঁলোকক জনসাধাৰণৰ দৰে ৰাজহুৱা স্থানত মাস্ক নিপিন্ধিলে ১০০০ টকা জৰিমনা বিহিব কোনে? বা কোভিড প্ৰট’কলৰ মূল নীতি সামাজিক দূৰত্ব মানি নচলাৰ বাবে দুৰ্য্যোগ প্ৰশমন আইনৰ অধীনত গোচৰ ৰুজু কৰিবলৈ কাৰোবাৰ সাহস আছে নে?

বাতৰিটোৰ লগত সংলগ্ন এই ফটোখন হৈছে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাৰ। অৰ্থ্যাৎ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাতৰ বাবে গৈছিল বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেবিনেটৰ মন্ত্ৰীসকল।

ফটোৰ বাবে ব্ৰহ্মপুত্ৰ অতিথিশালাৰ বাহিৰত প্ৰাক্তন মুখ্যমন্ত্ৰী, মন্ত্ৰীকে ধৰি ১৩ গৰাকী মন্ত্ৰীয়ে ফটোৰ বাবে প’জ দিছে।

cov 2
ৰঞ্জিত দাসৰ মুখত নাই মাস্ক

ভালদৰে ফটোখনলৈ মন কৰিলে দেখিব এওঁলোকৰ মুখত কাৰোৰে মাস্ক নাই। প্ৰায়সংখ্যকে মুখৰ পৰিৱৰ্তে হাতত মাস্ক লৈ থকাহে দেখিবলৈ পোৱা গৈছে। আনকি তেওঁলোকৰ এজনে আনজনৰ পৰা ৬ ফুট দূৰত্ব বাদেই দিছো সকলোৱে গাত গা লগাই ফটো উঠাহে দেখিবলৈ পোৱা গৈছে।

ইয়াক লৈ এতিয়া সামাজিক মাধ্যমত বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।  আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজেই এই ফটোখন ছ’চিয়েল মেডিয়াত আপলোড কৰাত ফটোৰ তলত বহুতে কমেন্ট দিয়াও পৰিলক্ষিত হৈছে।

cov 3
মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মুখত নাই মাস্ক

হিমাদ্ৰী দাস নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে কমেন্টত লিখি কয় ‘আমি আশা কৰো ভৱিষ্যত সময়ত এখন ভাল চৰকাৰ আহিব, কিন্তু আপোনালোকৰ মাস্ক ক’ত?

ঠিক সেইদৰে দ্বীপ টিটাৰীয়ে এনেদৰে লিখিছে ‘মাস্ক নাইকিয়া, সামাজিক দুৰত্ব নাইকিয়া গতিকে ই শাস্তিযোগ্য অপৰাধ।‘

আনহাতে, চন্দন টাটু গোহাঁইয়ে ফটোৰ তলত কমেন্ট কৰি কয় ‘সামাজিক দুৰত্ব নাই, মুখত মাস্ক নাই আপোনালোকে যে আইন ভংগ কৰিছে তাৰ ব্যৱস্থা কোনে ল’ব?

ইয়াৰোপৰি, ইমদাদ উল্লাহে কমেন্ট কৰি কয় ‘মাস্ক ক’ত ছাৰ? মাস্ক কি অকল সাধাৰণ মানুহৰ কাৰণে?’

আনহাতে, অৰ্পনা দাস নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে কমেন্ট কৰি কয় ‘মাস্ক নাই যে আপোনালোকৰ ক’ৰ’না নহয় নেকি?

ইব্ৰাহিম খালিলুল্লাহে কমেন্ট কৰি কয় ‘আপোনালোকৰ নিচিনা নেতাৰ  কাৰণে ক’ৰ’না ইমান বৃদ্ধি হৈ আছে।‘

এনেদৰেই বহুতেই ক্ষোভ উজাৰি সৰ্বানন্দ সোণোৱালে আপলোড কৰা ফটোৰ তলত কমেন্ট কৰা দেখিবলৈ পোৱা যায়।

ইপিনে, সংবাদ মাধ্যমৰ লোকসকলক আজি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আহ্বান জনাই কয় ‘আপোনালোকে মাস্ক নিপিন্ধা লোকৰ ফটো নাইবা ভিডিঅ’ সংগ্ৰহ কৰি আমালৈ প্ৰেৰণ কৰিব। আৰক্ষীয়ে তেওঁলোকক চিনাক্ত কৰি আইনগতভাৱে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।‘

এতিয়া আৰক্ষীৰ এইসকল বৰমূৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে সাহস হ’ব নে?

উল্লেখযোগ্য যে, কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতো পাঁচ শতাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীসকলে শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰাক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল চৰকাৰৰ এইসকল বৰমূৰীয়াই আকৌ ছ’চিয়েল মিডিয়াত এনে ছবি আপলোড কৰিছে। এনে ছবিয়ে সাধাৰণ জনতাক কোভিড প্ৰ’টোকল ভংগ কৰিবলৈ উৎসাহিত নকৰিবনে বুুলিও সেয়ে এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিছে।

আনকি বিবাহ অনুষ্ঠানত কেৱল ২০ গৰাকী লোক উপস্থিত থাকিব পাৰিব বুলি যিখন চৰকাৰে জনসাধাৰণক আহ্বান জনাই সেই চৰকাৰে কেনেকৈ পাঁচ শতাধিক লোকৰ উপস্থিতিত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ অনুমতি পালে বুলিও একাংশই ছ’চিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন কৰিছে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd