NORTHEAST NOW (Assamese)

দিল্লীৰ পাছত উত্তৰপ্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী জয় প্ৰতাপ সিং কোভিড-১৯ প’জিটিভ

July 24, 2020 8:04 pm · এন ই নাও নিউজ
Updated: July 24, 2020 8:05 pm
উত্তৰপ্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী

উত্তৰপ্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী জয় প্ৰতাপ সিং শুকুৰবাৰে কোভিড-১৯ ৰূপে চিনাক্ত হয়।

ক’ৰ’না পৰীক্ষাৰ ফলাফলত স্বাস্থ্য মন্ত্ৰী গৰাকীৰ ফলাফল প’জিটিভ আহে।

আনহাতে, ক’ৰ’না প’জিটিভ ৰূপে চিনাক্ত হোৱাৰ পাছতে স্বাস্থ্য মন্ত্ৰী জয় প্ৰতাপ সিঙে নিজকে হোম কোৱাৰেণ্টাইন কৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছে।

বিগত মাৰ্চ মাহতো বলিউদৰ কণ্ঠশিল্পী কনিকা কাপুৰ কোভিড প’জিটিভ হোৱাৰ পাছত কণ্ঠশিল্পী গৰাকীয়ে উপস্থিত থকা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰা কাৰণে জয় প্ৰতাপ সিঙে নিজকে আইছ’লেশ্যনত ৰাখিছিল।

ইয়াৰ পূৰ্বেও দিল্লী চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী চৈত্যেন্দৰ জৈনৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

বিগত ১৬ জুনত দিল্লীৰ স্বাস্থ্য মন্ত্ৰীৰ ক’ৰ’না পৰীক্ষাত ফলাফল প’জিটিভ আহিছিল।

দিল্লীৰ ৰাজীৱ গান্ধী চুপাৰ স্পেচিয়েলিটি হাস্পিটেলত চিকিৎসাৰ অন্তত চৈত্যেন্দ্ৰ জৈনে ক’ৰ’নাৰ পৰা সম্পুৰ্ণ ৰূপে আৰোগ্য লাভ কৰিছিল।

Related News