NORTHEAST NOW (Assamese)

ধূলিসাৎ বিশ্বজয়ৰ স্বপ্ন: ১১’ৰ নহয়, আহমেদাবাদত ঘটিল ০৩’ৰ পুনৰাবৃত্তি

November 19, 2023 10:08 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 19, 2023 10:10 pm

২০০৩ৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল; স্থান জোহান্সবাৰ্গ। ফাইনেলত প্ৰতিদ্বন্দিতা হৈছিল ভাৰত-অষ্ট্ৰেলিয়াৰ। পণ্টিং, মাৰ্টিনৰ ধুমুহাত সেইবাৰ ধূলিসাৎ ঘটিছিল ভাৰতৰ বিশ্বজয়ৰ স্বপ্ন; আশাভঙ্গ হৈছিল কোটি কোটি ভাৰতীয়ৰ।

সেই স্বপ্নভংগৰ বিশ বছৰ পাছত আজি আকৌ বিশ্বজয়ৰ যুঁজত আহমেদাবাদত অৱতীৰ্ণ হৈছিল দুয়ো দেশ। প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগী ভাৰতীয়ৰ মন-মগজুত খুন্দিয়াই আছিল ০৩’ৰ সেই স্বপ্নভংগৰ ক্ষোভ। আশা, ০৩’ৰ ভাৰতীয়ৰ সেই ক্ষোভৰ অৱসান ঘটিব আজি।

প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেটানুৰীৰ আকাংক্ষিত স্বপ্ন আছিল ১১’ৰ বিশ্বজয়ৰ সেই মাহেন্দ্ৰ ক্ষণৰ পুনৰাবৃত্তি। কিন্তু এই স্বপ্ন-আকাংক্ষাক ধূলিসাৎ কৰি আহমেদাবাদত আজি পুনৰ উৰিল কেংগাৰু বাহিনীৰ বিজয়ধ্বজা। ১১’ৰ নহ’ল, পুনৰাবৃত্তি ঘটিল ০৩’ৰ।

বিশ বছৰ পূৰ্বে জোহান্সবাৰ্গত পণ্টিঙৰ অভিনৱ কাৰনামাৰ দৰেই আজি আহমেদাবাদত কোটি কোটি ভাৰতীয় স্বপ্নভংগৰ কাৰণ হৈ পৰিল ট্ৰেভিছ হেড। ভাৰতীয় বলিং শক্তিক নিৰ্বিঘ্নে তথা হেলাৰঙে দিশহাৰা কৰি হেড হৈ পৰিল কেংগাৰু বাহিনীৰ ষষ্ঠবাৰৰ বিশ্বজয়ৰ মহানায়ক।

সমগ্ৰ টুৰ্ণামেণ্টখনতে বেটিং-বলিং উভয় দিশতে দুৰ্জয় অলৰাউণ্ড প্ৰদৰ্শনেৰে অপৰাজেয় হৈ পৰা ভাৰতে আজি তৃতীয়বাৰৰ বাবে সহজেই বিশ্বকাপ খিতাপত চুম্বন আঁকিব বুলি আশা কৰিছিল দেশবাসীয়ে। তাতে লীগ মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতীয় দলে দিছিল সেই আশা।

আনহাতে অষ্ট্ৰেলিয়া! প্ৰথম দুখন মেচত পৰাজয়ৰ গ্ৰাসত পৰা অষ্ট্ৰেলিয়াক হট ফেভাৰিটৰ তালিকাত স্থান দিবলৈয়ে বিচৰা নাছিল কোনোৱে। কিন্তু এই সকলো ভাৱনাক মিছা প্ৰতিপন্ন কৰি আহমেদাবাদত অষ্ট্ৰেলিয়াই মাৰিলে বিজয়ৰ অন্তিম হাঁহি।

টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰা ভাৰতৰ আৰম্ভণি আছিল যথেষ্ট সুখকৰ। অপেনাৰ গিল ব্যৰ্থ হ’লেও অধিনায়ক ৰোহিত শৰ্মাই বিস্ফোৰক ধাৰা বৰ্তাই ৰাখিয়ে আগবঢ়াই নিছিল ইনিংছ। খেলিছিল ৪৭ ৰাণৰ এক মূল্যৱান ইনিংছ। কিন্তু ৰোহিতৰ বিদায়েই যেন ভাৰতৰ বাবে হৈ পৰিল বিপৰ্যয়ৰ মূল।

ৰোহিত শৰ্মাৰ উইকেটৰ কিছু সময় পিছতে পেভিলিয়নমুখী হয় ফৰ্মত থকা আয়াৰো। ইয়াৰ পিছতে মন্থৰ হৈ পৰে ভাৰতৰ স্ক’ৰবৰ্ড। পাৱাৰপ্লে’ত ছয়-চাৰিৰ ফুলজাৰি ঘটা ভাৰতে এটা বাউণ্ডেৰীৰ বাবে অপেক্ষা কৰিব লগা হয় ৯৮ টা বল।

ভাৰতীয় ইনিংছৰ উইকেট পতন ৰোধ কৰি কোহলী-ৰাহুলে ক্ৰীজত খোপনি পুতি আগবঢ়াই নিয়ে ইনিংছ। কিন্তু ৰাণৰ গতি অত্যন্ত মন্থৰ হৈ পৰাৰ বাবে ক্ৰমাত ইয়াৰ অধিক সুবিধা গ্ৰহণ কৰে অষ্ট্ৰেলিয়াই আৰু নিৰন্তৰ হেঁচা প্ৰয়োগ কৰে। ইয়াৰ মাজতে কোহলীয়ে খেলে ৫৪ ৰাণৰ এক যুঁজাৰু ইনিংছ।

কোহলীৰ বিদায়ৰ পিছতে ভাৰতীয় বেটিঙত খহনীয়াৰ আৰম্ভ হয়। ইটোৰ পিছত সিটোকৈ উইকেট দখলেৰে মেচ সম্পূৰ্ণ নিজৰ দখললৈ নিয়ে অষ্ট্ৰেলিয়াই। দলৰ হৈ ১০৭ বলত ৬৬ ৰাণৰ সৰ্বাধিক বৰঙণি আগবঢ়ায় ৰাহুলে। যাদৱে কৰে ১৮ ৰাণ।

আশ্চৰ্যকৰভাৱে, অন্তিম ৪০ অভাৰত ভাৰতীয় ইনিংছ যোগ হয় মাত্ৰ ৫ টা বাউণ্ডেৰী। সন্মিলিত আক্ৰমণেৰে ভাৰতীয় বেটিং লাইন আপত বিপৰ্যয়ৰ সৃষ্টি কৰা অষ্ট্ৰেলিয়াৰ হৈ ষ্টাৰ্কে ৩টা, হেজেলউড-কামিন্সে ২টা, মেক্সৱেল আৰু জাম্পাই এটাকৈ উইকেট লাভ কৰে।

বিশ্বজয়ৰ বাবে ২৪১ ৰাণৰ লক্ষ্য স্বাভাৱিকতেই কঠিন নাছিল অষ্ট্ৰেলিয়াৰ বাবে। কিন্তু তথাপি সমগ্ৰ প্ৰতিযোগিতাখনতে চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰখা ভাৰতীয় বলিং লাইন আপক লৈ কিঞ্চিত যেন আশাত আছিল ভাৰতীয় অনুৰাগী!

তাতে প্ৰতিযোগিতাৰ সৰ্বাধিক উইকেট দখলকাৰী ছামিয়ে ইনিংছৰ দ্বিতীয় অভাৰত তথা নিজৰ প্ৰথমটো বলতে ৱাৰ্ণাৰক বিদায় দি অধিক আশা সজীৱ কৰি তুলিছিল। ইয়াৰ পিছতে দলীয় স্ক’ৰ ৪১ আৰু ৪৭ ৰাণত ক্ৰমে মাৰ্শ্ব আৰু স্মিথক বিদায় দি বুমৰাহে জয়ৰ আশা ঘূৰাই আনিছিল ভাৰতীয়ৰ মুখলৈ।

কিন্তু তাৰ পিছতে যেন ২২ গজৰ মাজত খোপনি হেৰাল ভাৰতীয় বলিং এটেকৰ। ৪৭ ৰাণতে তিনিটা উইকেট হেৰুওৱাৰ পিছতো মনোবল হ্ৰাস নহ’ল ক্ৰীজত তেতিয়াও বেটিং কৰি থকা ট্ৰেভিছ হেডৰ। হেলাৰঙে ভাৰতীয় বলিঙক দিশহাৰা কৰি হেডে সহজেই অষ্ট্ৰেলিয়াক আগবঢ়াই লৈ গ’ল জয়ৰ দিশলৈ।

হেডৰ এই আক্ৰমণৰ সমানে আনটো মূৰত উইকেট ধৰি ৰাখি লাবুচেনে খেলে আন এক মাৰাথান ইনিংছ। ১১০ টা বলত ৫৮ ৰাণৰ অত্যন্ত গুৰুত্বপূৰ্ণ ইনিংছেৰে অপৰাজিত হৈ ৰয় লাবুচেন। হেডৰ বিস্ফোৰক মেচ বিজয়ী ইনিংছটোৰ সমানেই স্মৰণীয় হৈ ৰ’ব লাবুচেনৰ এই ইনিংছ।

ইফালে ১৩৭ ৰাণৰ দুৰন্ত, দৰ্শনীয়, বিশ্বজয়ী ইনিংছেৰে অষ্ট্ৰেলিয়াক জয়ৰ দুৱাৰডলিত উপনীত কৰাই বিদায় লয় হেডে। আৰু হেডৰ উইকেটৰ পিছৰ বলতে জয়ৰ বাবে প্ৰয়োজনীয় দুই ৰাণ সংগ্ৰহ কৰি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি তোলে মেক্সৱেলে।

অবিস্মৰণীয় শতকীয় ইনিংছটোৰ বাবে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে হেডে। হেডৰ এই চমকৰ লগতে দলৰ সন্মিলিত প্ৰদৰ্শনৰ সুবাদত ফাইনেলৰ পূৰ্বে অষ্ট্ৰেলিয়ান অধিনায়ক কামিন্সে কথা দিয়াৰ দৰেই ভাৰতীয় সমৰ্থকৰ উন্মাদনা ম্লান কৰি বিশ্বকাপৰ খিতাপত চুম্বন আঁকিলে কেংগাৰু বাহিনীয়ে।

ইফালে, সমগ্ৰ প্ৰতিযোগিতাখনত ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সৰ্বাধিক ৭৬৫ ৰাণ সংগ্ৰহ কৰা বিৰাট কোহলী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।

Related News