NORTHEAST NOW (Assamese)

এজাক বৰষুণতেই বিধায়ক আৱাসকে ধৰি মহানগৰীৰ অধিকাংশ অঞ্চল পানীৰ তলত

August 24, 2018 6:33 pm · এন ই নাও নিউজ
কৃত্ৰিম বানৰ কৱলত থকা জু-ৰ'ড। ফটো : য়ু বি।

এজাক মাথোঁ বৰষুণেই আজি অচল কৰি পেলায় গুৱাহাটী মহানগৰীৰ স্বাভাৱিক জীৱন-যাত্ৰা। আগবেলাতে অহা দবাপিটা বৰষুণৰ ফলত অধিকাংশ অঞ্চলেই আজি বুৰ গ’ল কৃত্ৰিম বানত।

দিচপুৰৰ জনপ্ৰতিনিধিসকল থকা বিধায়ক আৱাসো পানীৰ তলত থাকিল বহু সময় ধৰি।

পথৰ ওপৰত হোৱা একাঁঠু পৰ্য্যন্ত পানীৰ বাবে চিটিবাছৰ চলাচল আৰু অন্যান্য গাড়ী-মটৰৰ চলাচল সাময়িকভাৱে স্তব্ধ হৈ পৰে। বিদ্যুৎ সৰবৰাহ বন্ধ হৈ পৰে বহু অঞ্চলত।

বিধায়ক আৱাসত কৃত্ৰিম বান।

আনহাতে মহানগৰীৰ পূব দুৱাৰস্বৰূপ যোৰাবাটতো কৃত্ৰিম বানে এক প্ৰকাৰৰ প্ৰলয়ৰ সৃষ্টি কৰে। আবদ্ধ হৈ পৰে ভালেমান যান-বাহন।

উল্লেখযোগ্য যে এইবাৰ ডাঙৰ বৰষুণ সঘনে হোৱা নাই যদিও কৃত্ৰিম বানৰ সমস্যাটো আগৰ দৰেই যে আছে সেই প্ৰমাণ মাজে মাজে অহা এজাক মাথো বৰষুণেই প্ৰমাণ দি যায়।

Related News