গুৱাহাটী মহানগৰীত দুচকীয়া বাহনৰ আৰোহীয়ে পৰিবহন বিভাগৰ এই নিয়ম অমান্য কৰিলেই মুখামুখী হ’ব বিষম পৰিণতিৰ

Assam__Around_Rs.

গুৱাহাটী মহানগৰীত কামৰূপ জিলা পৰিবহন বিভাগে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে।

কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিষয়া গৌতম দাসে প্ৰকাশ কৰা অনুসৰি মহানগৰীত বাইক চালকৰ লগতে  চালকৰ পিছপিনে বহি যোৱা জনেও এতিয়াৰে পৰা বাধ্যতামূলক ভাবে হেলমেট পৰিধান কৰিব লাগিব।

চালক অথবা চালকৰ পিছপিনে বহি যোৱা জনে হেলমেট পৰিধান নকৰিলে ১০০০ টকাৰ জৰিমনা বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব।

উল্লেখ্য ইয়াৰ পূৰ্বেও কামৰূপ জিলা পৰিবহন বিভাগে দুচকীয়া বাহনৰ চালকৰ পিছপিনে বহি যোৱা জনে হেলেমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছিল যদিও মহানগৰীৰ গৰিষ্ঠসংখ্যক বাইক আৰোহীয়েই সেই নিয়ম মানি চলা পৰিলক্ষিত হোৱা নাই।

সেইবাবেই জিলা পৰিবহন বিভাগে এইবাৰ হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালক আৰু চালকৰ পিছপিনে বহি যোৱাজনক হেলমেট পৰিধান কৰিবলৈ বাধ্য কৰোৱাবলৈ এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি বহুতে মন্তব্য কৰিছে।

ইপিনে পৰিবহন বিভাগে ৩১ ডিচেম্বৰৰ ভিতৰত গুৱাহাটী মহানগৰীৰ চিটি বাছৰ মালিকসকলক  ৰোড টেক্স আদায় দিবলৈ নিৰ্দেশ দিছে।

এই সময়ছোৱাৰ ভিতৰত ৰোড টেক্স আদায় নিদিয়া চিটি বাছৰ মালিকক জৰিমনা বিহা হ’ব বুলি জানিব পৰা গৈছে।