NORTHEAST NOW (Assamese)

অসহায় চৰকাৰ-গুৱাহাটী মহানগৰ প্ৰশাসন! : গুৱাহাটীত ১৯ জুলাইলৈ বৃদ্ধি পালে লকডাউন

July 11, 2020 8:33 pm · কল্পজ্যোতি শইকীয়া

গুৱাহাটীত ১৯ জুলাইলৈ লকডাউন বৃদ্ধি পালে।

১২ জুলাইৰ নিশা ১২ বজাৰ পৰা ১৯ জুলাই নিশা ১২ বজা পৰ্যন্ত বৃদ্ধি হ’ব লকডাউন।

সকলোধৰণৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান, শিক্ষা প্ৰতিষ্ঠান বন্ধ থাকিব এই সময়চোৱাত।

বাট-পথত ব্যক্তিগত যান-বাহন চলাচল নিষিদ্ধ থাকিব।

পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ অত্যাৱশকীয় গেলামালৰ দোকান খোলা ৰাখিব পাৰিব বুলি নিৰ্দেশনাত উল্লেখ।

ইয়াৰোপৰি, পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈকে ঘৰে ঘৰে গৈ শাক পাচলি বিক্ৰী কৰিব পাৰিব।

গুৱাহাটীত লকডাউন চলি আছে যদিও কমা নাই গণ সংক্ৰমণৰ ঘটনা। দৈনিক গড়ে তিনি-চাৰি শতাধিক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ আছে।

সেয়েহে গুৱাহাটীত আৰু এসপ্তাহ লকডাউন বৃদ্ধি কৰিবৰ বাবে অসমৰ মুখ্য সচিবক পৰামৰ্শ দিছিল স্বাস্থ্য বিভাগে।

উল্লেখযোগ্য যে, কালি গুৱাহাটীৰ নাগৰিক সমিতি, স্বাস্থ্য বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ মাজত হোৱা আলোচনাত নাগৰিক সমিতিসমূহে দুসপ্তাহ লকডাউন বৃদ্ধি কৰিবলৈ আহ্বান জনাইছিল।

কিন্তু প্ৰথম পৰ্যায়ৰ লকডাউনত ৩০ শতাংশৰ পৰা ২১ শতাংশলৈ আক্ৰান্তৰ হাৰ হ্ৰাস পোৱাত এক সপ্তাহৰ বাবে লকডাউন দিবলৈ অসমৰ মুখ্য সচিবলৈ অনুৰোধ জনাইছিল স্বাস্থ্য বিভাগে।

ইপিনে, কালি আৰু পৰহি ২১ শতাংশৰ পৰা ১৬ শতাংশলৈ আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা বুলি দাবী কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

এক সপ্তাহ লকডাউনৰ পিছৰ সপ্তাহত কিছু কিছু ক্ষেত্ৰত শিথিলতা অনাৰো ইংগিত দিয়ে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

Related News