ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ তথা বৰ্তমানৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰে জাহিৰ খানৰ বাবে মহেন্দ্ৰ সিং ধোনী সফল ভাৰতীয় টেষ্ট অধিনায়ক হিচাপে পৰিগণিত হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে।
”মহেন্দ্ৰ সিং ধোনী সৌভাগ্যৱান অধিনায়ক তেওঁ ক্ৰিকেটৰ তিনিওটা ফৰ্মেটততে চমৎকাৰ ভাৰতীয় দল লাভ কৰিছিল,” গৌতম গম্ভীৰে এইদৰে কয়।
গৌতম গম্ভীৰে জাহিৰ খান সন্দৰ্ভত মত ব্যক্ত কৰি কয় যে, জাহিৰ খান ভাৰতৰ শ্ৰেষ্ঠ বিশ্বমানৰ ব’লাৰ আৰু জাহিৰ খানৰ বাবেই ধোনী সফল ভাৰতীয় টেষ্ট ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে।
আনহাতে, ধোনী প্ৰতিটো ফৰ্মেটতে এটা সক্ষম আৰু ভাল ভাৰতীয় ক্ৰিকেট দল লাভ কৰাৰ বাবেই তেওঁ বহু ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছে বুলিও লগতে কয়।
উল্লেখযোগ্য যে, মহেন্দ্ৰ সিং ধোনী বিগত বৰ্ষত অনুষ্ঠিত হোৱা বিশ্বকাপৰ পাছৰে পৰা ক্ৰিকেটৰ পথাৰৰ পৰা দূৰত আছে।
ক’ৰ’নাৰ সংক্ৰমণৰ বাবে আই পি এল পিছুৱাই যোৱাত মহেন্দ্ৰ সিং ধোনীৰ ক্ৰিকেটৰ পথাৰলৈ প্ৰত্যাৱৰ্তনো পিছুৱাই গ’ল।