উচ্চতম ন্যায়ালয়ত খাৰিজ হেমন্ত ছোৰেনৰ আবেদনঃ ন্যায়িক জিম্মাৰ ম্যাদ পাঁচ দিনলৈ বৃদ্ধি

Hemant Soren

ধন সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ আবেদন আজি খাৰিজ কৰিছে উচ্চম ন্যায়ালয়ে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ছোৰেনক গ্ৰেপ্তাৰ কৰাৰ পিছত গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

হেমন্ত ছোৰেনে আবেদন যোগে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাজ্য চৰকাৰ এখনক অস্থিৰ কৰি তুলিবলৈ এনে অসৎ আচৰণৰ আশ্ৰয় লোৱা বুলি উচ্চতম ন্যায়ালয়ৰ সন্মুখত উত্তাপন কৰিছিল।

তেওঁ লগতে ইডিয়ে তেওঁক ‘অবৈধ আৰু বিচাৰ ক্ষমতাবিহী’ভাৱে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ কৰিছিল। ইডিয়ে কেন্দ্ৰীয় চৰকাৰৰ অধীনত নিৰ্লজ্জভাৱে কাম কৰি আছে আৰু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনক অস্থিৰ কৰিবলৈ আবেদনকাৰীক এইদৰে লক্ষ্য কৰি লৈছে বুলি উল্লেখ কৰিছিল ছোৰেনে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আবেদনৰ আজি শুনানি গ্ৰহণ কৰে শীৰ্ষ আদালতে। আদালতে আঙুলিয়াই দিয়ে যে আবেদনকাৰীয়ে ইতিমধ্যে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ সন্মুখত ৰিট আবেদন দাখিল কৰিছে বুলি জনোৱা হৈছে আৰু এই আবেদন এতিয়াও বিচাৰাধীন হৈ আছে।

অৱশ্যে গোচৰটোৰ ক্ষিপ্ৰ তালিকাভুক্তকৰণ আৰু নিষ্পত্তিৰ বাবে তেওঁৰ বাবে মুকলি থাকিব বুলি উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে। উল্লেখ্য যে বুধবাৰে জেৰাৰ অন্তত নিশা হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে ছোৰেনে ইডিয়ে জাৰি কৰা চমনক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

ইফালে বৃ্হস্পতিবাৰে ৰাঁচিৰ বিশেষ আদালতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক এদিনীয়া ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। আজি উচ্চতম ন্যায়ালয়ে ছোৰেনৰ আবেদন খাৰিজ কৰাৰ পাছতে আদালতে তেওঁৰ জিম্মাৰ ম্যাদ ৫ দিনলৈ বৃদ্ধি কৰে।