NORTHEAST NOW (Assamese)

চুলি সৰা ৰোধ কৰিবলৈ কেইটামান ঘৰুৱা উপায়

March 6, 2025 7:13 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 5, 2025 7:18 pm

আজিকালি চুলি সৰাটো এটা সাধাৰণ সমস্যালৈ ৰূপান্তৰিত হৈছে। পানীৰ প্ৰদূষণ, জীৱনশৈলী, খাদ্যভাস, বিভিন্ন ৰোগ আদিৰ ফলতেই চুলি সৰাটো আজিকালি সাধাৰণ সমস্যাৰ দৰে হৈ পৰিছে। সেয়েহে আজি আপোনালোকৰ বাবে লৈ আহিছোঁ চুলি সৰা সমস্যা ৰোধ কৰাৰ বাবে কেইটামান ঘৰুৱা উপায় –

১. চুলিৰ স্বাস্থ্যৰ বাবে ভিটামিন, বায়টিন, লো, জিংক, আৰু প্ৰটিন সমৃদ্ধ খাদ্য অতি গুৰুত্বপূৰ্ণ। পালেং শাক, বাদাম, কণী, মাছ, দালি, আৰু ফলশাকপাচলি প্ৰচুৰ পৰিমাণে খাব লাগে।

২. গ্রীণ টি, আৰু আমলখিত থকা চি ভিটামিনে চুলিৰ গুৰি শক্তিশালী কৰে।

৩. নিয়মিত গৰম নাৰিকল তেলেৰে মাথা মালিচ কৰিলে চুলিৰ গুৰি শক্তিশালী হয়

৪. পিয়াজৰ ৰস নিয়মীয়াকৈ চুলিত লগালে চুলি গজে।

৫.  আপেল চাইডাৰ ভিনেগাৰ পানীত মিহলাই স্কাল্পত মাথাত লগালে ই উফিৰ পৰা মুক্তি দিব পাৰে।

৬. মানসিক শান্তি চুলিৰ সমস্যাৰ বাবে অতি গুৰুত্বপূৰ্ণ। মানসিক চিন্তাই চুলি সৰায়।

Related News