• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূৰ্ব আৰু পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংযুক্ত ক্ষেত্ৰীয় ৰাজভাষা সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2025 10:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সোণাপুৰস্থিত মেফেয়াৰ ৰিজৰ্টত আয়োজিত পূৰ্ব আৰু পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংযুক্ত ক্ষেত্ৰীয় ৰাজভাষা সম্মিলনত অংশগ্রহণ কৰে মুখ্যমন্ত্রী  হিমন্ত বিশ্ব শর্মাই ।

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী ভাষা বিভাগৰ উদ্যোগত আয়োজিত এই সম্মিলনত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে পূৰ্ব আৰু পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংযুক্ত ক্ষেত্ৰীয় ৰাজভাষা সম্মিলন গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে বিভাগক ধন্যবাদ জ্ঞাপন কৰে। সকলোকে অসমৰ এই পৱিত্ৰ ভূমিলৈ স্বাগতম জনাই মুখ্যমন্ত্রীয়ে যি সমূহ কার্যালয় হিন্দী ভাষা প্রয়োগৰ বাবে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে সেই সকলোকো মুখ্যমন্ত্রীয়ে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে হিন্দী ভাৰতৰ ৰাজভাষা। হিন্দী একমাত্ৰ ৰাজভাষাই নহয়, হিন্দী সকলো ভাৰতীয়ৰ অন্তৰৰ ভাষা বুলিও মুখ্যমন্ত্রীয়ে কয়। সেই কাৰণে হিন্দী ভাষাৰ প্ৰয়োগ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সকলোৰে কাৰণে যথেষ্ট মহত্ব আছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে গৃহমন্ত্রী অমিত শ্বাহে কৰা কল্পনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত হিন্দী ভাষাৰ লগতে ক্ষেত্রীয় ভাষাসমূহ ইমান শক্তিশালী হ’ব লাগে যাতে জনসাধাৰণক কোনো ধৰণৰ বিদেশী ভাষাৰ প্ৰয়োজন নহ’ব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ভাৰতবৰ্ষ বিবিধতাৰে পৰিপূৰ্ণ এখন ৰাষ্ট্ৰ আৰু এই বিবিধতাৰ মাজত সংযোগ স্থাপন কৰাটোৱেই হৈছে হিন্দী ভাষা। তেওঁ কয় যে ভাৰতৰ একতা, সংহতিৰ লগতে সাংস্কৃতিক ঐক্যৰ বাবে হিন্দী বহু প্রয়োজনীয়। হিন্দীক দেশৰ প্রতিটো প্রান্তলৈ লৈ যোৱাৰ বাবে কাম কৰাৰ লগতে সকলো ধৰণৰ প্ৰয়াস অব্যাহত ৰাখাৰ ওপৰটো তেওঁ গুৰুত্ব আৰোপ কৰে। ভাষাই এক সংস্কৃতিক প্রতিনিধিত্ব কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে দেশত যিমানবোৰ ভাষা আছে তাৰে এটা ভাষাৰ মৃত্যু হ’লে এটা সভ্যতাৰ মৃত্যু হয়। সেয়ে হিন্দী ভাষাৰ সমান্তৰালভাৱে আমাৰ ক্ষেত্ৰীয় ভাষাকো আগুৱাই লৈ যাব লাগিব বুলি তেওঁ কয়।

Apply Now

তেওঁ কয় যে পূৰ্বোত্তৰ ভাৰতত প্রথমে ব্ৰিটিছে ইংৰাজী ভাষা সকলোৰে নিজৰ ভাষা বুলি এটা মানসিকতা সৃষ্টি কৰাৰ ফলস্বৰূপে হিন্দী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত পূর্বোত্তৰ ক্ষেত্ৰ পিছ পৰি ৰৈছিল। লাহে লাহে সকলোৱে বুজি উঠিছে যে হিন্দী এক ভাষা নহয়, ই নিয়োগ ক্ষেত্ৰখনৰ বাবে এক সম্ভাৱনা। তেওঁ কয় যে পূৰ্বোত্তৰ ভাৰতত হিন্দী প্রচলন কম হোৱাৰ বাবে আৰু হিন্দী ভাষা নজনাৰ বাবে উত্তৰ ভাৰতত আমাৰ যুৱক-যুৱতী তথা নতুন প্রজন্মই বিভিন্ন উদ্যোগ আদিত কাম কৰাত অসুবিধা পোৱাৰ লগতে, নিয়োগৰ বজাৰখন সীমিত হৈ পৰিছিল বুলি মুখ্যমন্ত্রীয়ে কয়।

ক্রমাৎ পূৰ্বোত্তৰৰ জনসাধাৰণে হিন্দীক নিজৰ বুলি গণ্য কৰাৰ লগতে হিন্দীৰ জনপ্রিয়তা বাঢ়ি গৈছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রী শৰ্মাই কয় যে ভাৰতৰ সংবিধান ৰচনা কৰাৰ সময়ত সংবিধান প্রণেতাসকলে হিন্দী ভাষাৰ বিষয়ে চৰ্চা কৰি হিন্দী ভাষাটো সহজ আৰু ব্যৱহাৰিক হোৱাৰ দিশত গুৰুত্ব আৰোপ কৰিছিল হিন্দী ভাষাৰ লগতে ক্ষেত্রীয় ভাষাত যিবোৰ শব্দ ব্যৱহাৰ হয় ইয়াক সমাহিত কৰাৰ প্ৰয়াস কৰিব লাগে। সংবিধান প্রণয়নৰ সময়ত সংবিধান প্রণেতাসকলে সেই সময়ত তেওঁলোকৰ দৃষ্টিভংগী সংবিধানত লিপিবদ্ধ কৰিছিল বুলি মুখ্যমন্ত্রীয়ে কয়। তেওঁ কয় যে হিন্দী বিশেষকৈ চৰকাৰী কামত যি হিন্দী ব্যৱহাৰ হয় সেই হিন্দী কোনোধৰণৰ কাৰিকৰী জটিলতা নথকাকৈ সকলোৱে সহজতে বুজি পোৱা হ‘ব লাগে যাতে হিন্দী ভাষা সকলো ভাৰতীয়ৰ অন্তৰৰ ভাষা হৈ পৰে। মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে হিন্দী ভাষাৰ ক্ষেত্ৰত যথেষ্ট আগ্রহ দেখুৱাই ইয়াক সহজ, ব্যৱহাৰিক আৰু সকলো ক্ষেত্রীয় ভাষা ইয়াৰ মাজত সমাহিত কৰাৰ উদ্দেশ্যে হিন্দী ভাষাৰ বিকাশৰ উদ্দেশ্যেৰ পদক্ষেপ গ্রহণ কৰিছে।

তেওঁ কয় যে অসমক উত্তৰ পূৰ্ব ভাৰতৰ অংশ হিচাপে মানি লোৱাৰ সমান্তৰালভাৱে পূৰ্ব ভাৰতৰ অংশ হিচাপে মানি লৈ আজি এই সম্মিলনখন গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে গৃহমন্ত্রী অমিত শ্বাহৰ লগতে গৃহ ৰাজ্য মন্ত্রী নিত্যানন্দ ৰায়ক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে হিন্দী ভাষাক কেন্দ্ৰীয় চৰকাৰৰ ভাষা হিচাপে সীমাবদ্ধ নাৰাখি ৰাজ্যৰ সকলো ক্ষেত্ৰলৈ সম্প্ৰসাৰণ হ‘ব লাগে তেনে উদ্দেশ্যে ভাৰত চৰকাৰৰ ৰাজভাষা বিভাগে যথোচিত পদক্ষেপ লোৱাৰ বাবেও আহ্বান জনায়। তেওঁ লগতে আজি প্রদান কৰা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহ পুৰস্কাৰ প্ৰদান ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাই ৰাজ্য চৰকাৰৰ কাৰ্যালয়সমূহতো এই পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও তেওঁ কয়। তেতিয়াহে ৰাজ্যসমূহতো হিন্দী ভাষাৰ গুৰুত্ব বাঢ়িব বুলি তেওঁ মন্তব্য কৰে। জনসাধাৰণৰ মাজত এনেকুৱা অনুভৱ হ’ব নালাগে যে হিন্দী কেন্দ্রীয় চৰকাৰৰ ভাষা। ৰাজ্যসমূহতে থলুৱা ভাষাৰ লগতে হিন্দী ভাষাৰ বিকাশ সাধন কৰিব পৰা যায় তেনে দিশতো পদক্ষেপ ল’ব লাগে বুলি তেওঁ কয়।

এই অনুষ্ঠানত মুখ্যমন্ত্রী শৰ্মা আৰু কেন্দ্রীয় গৃহ ৰাজ্যিক মন্ত্রী নিত্যানন্দ ৰায়ে পূর্বাঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু প্ৰতিষ্ঠানৰ সন্মানীয় ব্যক্তিসকলক ৰাজভাষা বঁটা প্রদান কৰে।আজিৰ এই সন্মিলনত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্রী নিত্যানন্দ ৰায়ৰ উপৰি সাংসদ তথা ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, সাংসদ বিজুলী কলিতা মেধী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক দিলীপ কুমাৰ মেধী, পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক এচ পদ্মপ্রিয়া, ছিকিমৰ হিন্দী ভাষাৰ পণ্ডিত অধ্যাপক বীৰভদ্ৰ কাৰ্কিধোলি, ৰাজভাষা দপ্তৰৰ সচিব অঞ্জুলী আৰ্য, ৰাজভাষা দপ্তৰৰ যুটীয়া সচিব মীনাক্ষী জলীৰ লগতে ভাৰত চৰকাৰৰ উচ্চ পদস্থ বিষয়া আৰু কৰ্মচাৰীসকলৰ উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd