NORTHEAST NOW (Assamese)

চেক্স ৰেকেট : আৰক্ষীৰ জালত অভিনেত্ৰী তথা কাষ্টিং পৰিচালক আৰতি মিট্টল

April 20, 2023 11:59 am · এন ই নাও নিউজ, গুৱাহাটী

মনোৰঞ্জন উদ্যোগটোত চেক্স ৰেকেট তথা দেহ ব্যৱসায় চলোৱাৰ অভিযোগত শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে জনপ্ৰিয় অভিনেত্ৰী তথা কাষ্টিং পৰিচালক আৰতি মিট্টল।

সোমবাৰে মুম্বাইৰ অপৰাধ শাখাৰ আৰক্ষীয়ে আৰতি মিট্টলে চলোৱা এটা চেক্স ৰেকেট উৎখাত কৰি দুগৰাকী মডেলক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰাৰ লগতে ৩০ বছৰীয়া অভিনেত্ৰী আৰতি মিট্টলক গ্ৰেপ্তাৰ কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উদ্ধাৰ কৰা মডেলসকলক পুনৰ্বাসন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকে প্ৰকাশ কৰে যে অভিনেত্ৰীগৰাকীয়ে তেওঁলোকক ১৫০০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

আৰক্ষী বিষয়া মনোজে গ্ৰাহকৰ ৰূপত অভিনেত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰি দুগৰাকী ছোৱালীৰ ব্যৱস্থা কৰি দিবলৈ কয়। অভিনেত্ৰীগৰাকীয়ে গ্ৰাহকৰূপী আৰক্ষীজনক ৬০ হাজাৰ টকা বিচাৰে। এনেদৰেই আৰতিৰ কাণ্ডকাৰাখানা ধৰা পেলাবলৈ সক্ষম হয় মুম্বাই আৰক্ষী।

Here’s all you need to know about actress-cum-casting director Aarti Mittal who was arrested for running sex racketউল্লেখ্য যে আৰতীয়ে টিভি ধাৰাবাহিক আৰু ৱেব শ্ব’ যেনে ‘না উমৰা কি সীমা হো’, ‘য়েহ হায় চাহাটেইন’, ‘ধৰমপতনী’, ‘সনক: এক জুনুন’ আদিত কাম কৰি আহিছে। তেওঁৰ শেহতীয়া অনুষ্ঠান আছিল ‘অপ্নাপন – বদলাতে ৰিষ্ট’ কা বন্ধন’, য’ত অভিনয় কৰিছিল ৰাজশ্ৰী ঠাকুৰ আৰু চেজান খানে।

Related News