চোৰাং বেহাৰ পথ হৈ পৰিছে দেশৰ বিমানবন্দৰ সমূহ! বিগত সময়চোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ বিমানবন্দৰ সমূহত ধাৰাবাহিকভাৱে নিষিদ্ধ দ্ৰব্যৰ লগতে চোৰাংকৈ সৰবৰাহ কৰা জীৱ-জন্তু তথা অন্যান্য সামগ্ৰী অবাধ হাৰত জব্দ হোৱাৰ পিছতে ক্ৰমাৎ বিমানবন্দৰ সমূহক কেন্দ্ৰ কৰি এক চোৰাং চক্ৰ সক্ৰিয় হৈ থকাৰ ধাৰণা ঘনীভূত হৈ পৰিছে।
মঙলবাৰে পুনৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এগৰাকী মহিলা যাত্ৰীৰ পৰা প্ৰায় ১২ কিলোগ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰিছে। জব্দকৃত এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনিৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰমূল্য প্ৰায় ৮৪ কোটি টকা হ’ব বুলি জানিবলৈ দিছে সঞ্চালকালয়ৰ বিষয়াই।
বিভাগীয় বিষয়াই সদৰী কৰা মতে, জব্দ হোৱা সামগ্ৰীখিনিক হেৰ’ইন বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা এই ড্ৰাগছখিনি সংগ্ৰহ কৰিবলৈ অহা দুগৰাকী ব্যক্তিক বিমানবন্দৰৰ বাহিৰত গ্ৰেপ্তাৰ কৰা বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
তেওঁ কয় যে মঙলবাৰে কেনিয়া এয়াৰৱেজৰ বিমানেৰে জিম্বাবুৱেৰ ৰাজধানী হাৰাৰেৰ পৰা নাইৰোবি হৈ মুম্বাইত উপস্থিত হয় মহিলা যাত্ৰীগৰাকী। নিৰ্দিষ্ট চোৰাংচোৱাৰ ভিত্তিত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে বিষয়াসকলে তেওঁক গ্ৰেপ্তাৰ কৰে।
তেওঁৰ লাগেজৰ তালাচী চলোৱাৰ পিছত ১১.৯৪ কিলোগ্ৰাম ওজনৰ নিচাজাতীয় দ্ৰব্যখিনি উদ্ধাৰ কৰি জব্দ কৰা হয় বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে। তেওঁ লগতে কয় যে পৰীক্ষাৰ অন্তত এই দ্ৰব্যখিনিক হেৰ’ইন বুলি চিনাক্ত কৰা হৈছে।
“জব্দ কৰা দ্ৰব্যখিনিৰ মূল্য চোৰাং বজাৰত প্ৰায় ৮৪ কোটি টকা হ’ব। যাত্ৰীগৰাকীয়ে ট্ৰলী বেগত ভৰাই অনা ফাইল ফল্ডাৰৰ ভিতৰত এই ড্ৰাগছখিনি লুকুৱাই আনিছিল। মহিলা যাত্ৰীগৰাকীয়ে এই ড্ৰাগছখিনি তেওঁক হাৰাৰেত দিয়া হৈছিল আৰু তেওঁ সেয়া মুম্বাইত দুজন ব্যক্তিক গতাব লাগিছিল বুলি স্বীকাৰ কৰিছে।”- বিষয়াগৰাকীয়ে লগতে কয়।
ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে বিষয়টোৰ তদন্ত কৰি থকা বুলি উল্লেখ কৰি তেওঁ লগতে মহিলা যাত্ৰীগৰাকীকে ধৰি তিনিওগৰাকী ব্যক্তিকে এন ডি পি এছ এক্ট, ১৯৮৫ৰ বিধান অনুসৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলি সদৰী কৰে।