• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমৰ চাহ শ্ৰমিকৰ নীৰৱ ঘাতক উচ্চ-ৰক্তচাপৰ সমস্যা

অসমৰ চাহ-বাগিচাৰ এক বৃ্হৎসংখ্যক শ্ৰমিক উচ্চ-ৰক্তচাপ জনিত সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত

মহেশ ডেকা by মহেশ ডেকা
March 30, 2021 7:30 pm
a m2
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৬২ বছৰীয়া চাহ শ্ৰমিক দুধনাথ ৰাজপুট দুপৰীয়াৰ আহাৰ খোৱাৰ পিছ্ত চাইকেলখন লৈ ওচৰৰ লাইনৰ এঘৰলৈ ওলাই গৈছিল ।

জেঠ মহীয়া উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি পদূলিৰ আহত গছজোপাৰ তলত বিশ্ৰাম লৈ থকা বাগিচাৰ দুই শ্ৰমিকক লগ পাই গ্ৰীণউড চাহ বাগিচাৰ শ্ৰ্মিক দুধনাথো তেওঁলোকৰ লগতে বহি গল্প কৰাত লাগিল।

Apply Now

কিন্তু কথা পাতি থকাৰ মাজতে হ্ঠাৎ দুধনাথৰ মূৰটো আচান্দ্ৰাই কৰা যেন লাগিল।

তাৰ হাত-ভৰিবোৰ টানি ধৰা যেন অনুভৱ হ’ল।কেউপিনে এন্ধাৰ দেখিলে সি।মাটিত বাগৰি পৰাৰ উপক্ৰম হোৱা দুধনাথক লগৰ দুই শ্ৰমিকে ধৰি মাটিত শুৱাই দিলে।চেতনাহীন হৈ পৰা দুধনাথক ততাতৈয়াকৈ বাগিচাৰ হাস্পতাললৈ লৈ যোৱা হ’ল।

প্ৰাথমিক পৰীক্ষাৰ পিছ্ত চিকিৎসকে দুধনাথ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পৰামৰ্শ দিলে।সেইমৰ্মে অতি সংকটজনক অৱস্থাত বাগিচাৰ হাস্পতালৰ এম্বুলেঞ্চেৰে নি প্ৰায় ১৫ কিঃমিঃ নিলগৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হ’ল। যাৱতীয় পৰীক্ষাৰ অন্তত চিকিৎসকে জানিব দিলে যে দুধনাথৰ উচ্চ-ৰক্তচাপজনিত ষ্ট্ৰোক হৈছে, জীয়াই থকাৰ আশা ক্ষীণ। দুধনাথৰ মৃত্যু নহ’ল যদিও তেওঁৰ দৰে অসংখ্য চাহ-শ্ৰমিকৰ উচ্চ-ৰক্তচাপৰ বাবে প্ৰাণহানি হয়।

অসমৰ চাহ-বাগিচাৰ এক বৃ্হৎসংখক শ্ৰমিক উচ্চ-ৰক্তচাপ জনিত সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত ।এই লেখকে অলপতে ডিব্ৰুগড়ৰ জিলাৰ লাহোৱাৰ গ্ৰীণউদ চাহ বাগিচা ভ্ৰমণ কৰোতে জানিব পাৰিছিল যে বাগিচা খনত ২০২০ চনত ১০ গৰাকীকৈ শ্ৰমিক ষ্ট্ৰোক আৰু হাৰ্ট এটাক হৈ মৃত্যুমুখত পৰিছিল।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) অধীনৰ ডিব্ৰুগড়ৰ লাহোৱালত থকা আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ (RMRC) ২০০২ চনৰ এক অধ্যয়্ন মতে, ৰাজ্যখনৰ প্ৰায় ৬০ শতাংশ শ্ৰমিক উচ্চ-ৰক্তচাপ জনিত সমস্যাত (hypertension) আক্ৰান্ত ।

তেওঁলোকৰ অধ্যয়ন মতে, ধূমপান সেৱ্ন, সুৰাপান, খাদ্যত অত্যধিক নিমখৰ পৰিমাণ আদি শ্ৰমিকসকলৰ উচ্চ-ৰক্তচাপৰ সমস্যা বৃদ্ধি পোৱাৰ কাৰণ।

আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ ২০১৭ চনৰ আন এক অধ্যয়্ন মতে শ্ৰমিকসকলৰ উচ্চ-ৰক্তচাপৰ সমস্যা বৃদ্ধি পোৱাৰ অন্যতম প্ৰধান কাৰণ হৈছে তেওলোকৰ খাদ্যত থকা অত্যধিক নিমখৰ পৰিমাণ।

আঞ্চলিক চিকিৎসা গৱেষণা কেণ্দ্ৰ্ৰৰ চিকিৎসা বিজ্ঞানী ডঃ প্ৰশান্ত কুমাৰ বৰাই কয় যে “শ্ৰমিকসকলৰ উচ্চ-ৰক্তচাপ বৃদ্ধিৰ এটা মূল কাৰণ হৈছে তেওঁলোকে গ্ৰহণ কৰা অতিৰিক্ত নিমখ। আমাৰ অধ্যয়্নত দেখা গৈছিল বাগিচাত কাম কৰোতে তেওঁলোকক যি চাহ (চাই পানী) দিয়া হয়, তাত যথেষ্ট পৰিমাণে নিমখ থাকে । শ্ৰমিক সকলক যি চাহ দিয়া হয় তাত ২০০ লিটাৰ পানীত ২ কিলোগ্ৰাম নিমখ মিহলোৱা হয়। অৰ্থাৎ প্ৰতি লিটাৰ পানীত ১০ গ্ৰাম নিমখ থাকে।আৰু শ্ৰমিকসকলে প্ৰতিদিনে কেইবা লিটাৰো তেনে নিমখ মিহলি পানী বা চাহ পান কৰে।ই্য়াৰ বাহিৰেও তেওঁলোকে ভাতৰ লগত অতিৰিক্ত কেঁচা নিমখ খায়। গতিকে এগৰাকী শ্ৰমিকে দিনে ১৫ গ্ৰামৰ পৰা ২০ গ্ৰামলৈকে নিমখ খায়। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মতে এজন লোকে দিনে (২৪ ঘন্টাত) ৫ গ্ৰামতকৈ অধিক নিমখ খোৱা অনুচিত।”

ডঃ বৰাই উল্লেখ কৰে যে তেওঁলোকৰ অধ্যয়্নত পোৱা গৈছে খাদ্যত নিমখৰ পৰিমাণ কমোৱা শ্ৰমিকসকলৰ উচ্চ ৰক্তচাপৰ মাত্ৰাও হ্ৰাস পায়।

“ডিব্ৰুগড়ৰ জিলাৰ দুখন চাহ বাগিচাত অধ্যয়্ন কৰি আমি দেখিছিলো শ্ৰ্মিকসকলে নিমখৰ পৰিমাণ কমাই খোৱা আৰম্ভ কৰাৰ পিছত বাগিচা দুখনত উচ্চ ৰক্তচাপ আক্ৰান্ত শ্ৰমিকৰ সংখ্যা প্ৰায় ৩০ শতাংশলৈ হ্ৰাস পাইছে,” তেও কয়।

উল্লেখ্য যে আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ অধ্যয়্নৰ সময়্ত অতিৰিক্ত নিমখ খোৱাৰ অপকাৰিতা সম্পৰ্কে বাগিচা দুখনত ব্যাপক সজাগতাৰ সৃষ্টি কৰিছিল।

প্ৰসংগক্ৰমে, চাহ-বাগিচাৰ কৰ্তৃপক্ষসমূহে শ্ৰমিকসকলক পাত তোলাৰ সময়ত অবাধে প্ৰচুৰ পৰিমাণৰ নিমখ মিহলি চাহ খাবলৈ দিয়ে। চাহ-বাগিচাৰ কৰ্তৃপক্ষই যুক্তি দিয়ে যে যিহেতু শ্ৰমিকসকলে প্ৰখৰ ৰ’দত কাম কৰাৰ ফলত শৰীৰৰ পৰা প্ৰচুৰ ঘাম ওলায় আৰু শৰীৰত নিমখৰ পৰিমাণ হ্ৰাস পায়, আৰু তেওঁলোকক সবল কৰি ৰাখিবলৈ নিমখৰ দৰকাৰ । কিন্তু চিকিৎসা বিজ্ঞানত ইয়াৰ কোনো গ্ৰহণযোগ্য বাখ্যা নাই।

a m 1

অতিৰিক্ত নিমখৰ পিছতেই চাহ শ্ৰমিকৰ উচ্চ-ৰক্তচাপৰ সসম্যাত অৰিহণা যোগোৱা আন এটি কাৰক হ’ল ঘৰুৱাভাৱে প্ৰস্তুত কৰা সুৰা। চিকিৎসা বিজ্ঞানীৰ অধ্যয়নমতে চাহ-শ্ৰমিক সকলৰ মাজত পৰম্পৰাগতভাবে প্ৰচলিত ব্যাপক দেশীয় সুৰাপানৰ অভ্যাসে তেওলোকৰ উচ্চ-ৰক্তচাপৰ সসম্যা বঢ়াইছে।

আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰই ২০০৩ চনত কৰা এক অধ্যয়্ন মতে চাহ-বাগিচাৰ প্ৰায় ৬৯.৩ শতাংশ পুৰুষ আৰু ৫৪ শতাংশ মহিলাই ঘৰুৱাভাৱে প্ৰস্তুত কৰা সুৰা পান কৰে।

উল্লেখযোগ্য যে ওড়িশা, ছট্টিশগড়, ঝাৰখণ্ড আদিৰ পৰা অসমৰ চাহ-বাগিচাসমূঽত কাম কৰাৰ বাবে শ্ৰমিকসকলক বৃটিছে লৈ অহাৰ পিছ্ত তেওঁলোকক সুৰাপান কৰিবলৈ উৎসাহিত কৰা হৈছিল। “গোটেই দিন পৰিশ্ৰম কৰিছা। এতিয়া আৰু কি কৰিবা, এতিয়া অলপ সুৰাকে পান কৰা আৰু শুই যোৱা”–চাহ-বাগিচাৰ বৰমূৰীয়া সকলে এনেদৰে শ্ৰমিকসকলক সুৰাৰ প্ৰতি আসক্ত হোৱাত হাত উজান দিছিল। কালক্ৰমত ই গৈ পৰম্পৰাত পৰিণত হ’ল।

“এই পৰম্পৰাৰ কাৰণেই বাগিচাত সহজে সুৰা পোৱা হ’ল । অধিক সুৰাপান যে স্বাস্থ্যৰ কাৰণে হানিকাৰক, এই কথা তেওঁলোকে উপলদ্ধি কৰাত ব্যৰ্থ হ’ল আৰু  এটা প্ৰ্জন্মৰ পিছ্ত আন এটা প্ৰজন্মই নিঃসংকোচে ব্যাপক হাৰত দেশীয় সুৰা পান কৰাৰ অভ্যাস গঢ়ি তুলিলে,” লাহোৱাৰ গ্ৰীণউদ চাহ বাগিচাৰ এগৰাকী বিষয়াই কয়।

নক’লেও চলে যে  শ্ৰমিকসকলৰ মাজত যিহেতু শিক্ষিত লোকৰ সংখ্যা নিচেই তাকৰ, তেওঁলোকৰ মাজত সুৰাৰ অপকাৰিতা সম্পৰ্কে সজাগতাৰ সৃষ্টি হোৱা নাই। চৰকাৰ আৰু বাগিচা কৰ্তৃপক্ষয়ো সজাগতাৰ সৃস্টিৰ বাবে আশানুৰূপ পদক্ষেপ লোৱা চকুত পৰা নাই।

গৱেষকসকলৰ মতে সুৰাপানৰ লগতে ধুমপান সেৱন চাহ শ্ৰমিকৰ উচ্চ-ৰক্তচাপৰ সসম্যাৰ আন এটা কাৰণ। অধ্যয়্ন মতে চাহ-বাগিচাৰ ৭১ শতাংশ মহিলা আৰু ৭৫ শতাংশ পুৰুষে ধোঁৱাবিহীন ধূমপান সেৱ্ন কৰে।

ইয়াৰ বাহিৰেও চাহ-গছৰ পুলিবোৰত ব্যৱ্হাৰ কৰা কীটনাশক দ্ৰব্যবোৰেও শ্ৰমিকসকলৰ  হৃদৰোগ বৃদ্ধিত ক্ৰিয়া কৰে।

চিকিৎসা বিজ্ঞানী ডঃ বৰাৰ মতে যিহেতু চাহ-গছৰ পুলিবোৰত প্ৰচুৰ পৰিমাণে কীটনাশক ব্যৱ্হাৰ কৰা হয় আৰু শ্ৰমিকসকলে পোনপটীয়াকৈ ইয়াৰ সংস্পৰ্শলৈ অহাৰ বাবে ই তেওঁলোকৰ মেটাবলিজিমত প্ৰভাৱ পেলায়। ফলস্বৰুপে তেওঁলোকৰ উচ্চ ৰক্তচাপ বৃদ্ধি পোৱাৰ সম্ভাৱ্নাই দেখা দিয়ে।

আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ অধ্যয়্নৰ পৰা স্পষ্ট হৈছে চাহ শ্ৰমিকৰ উচ্চ-ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণ অসম্ভৱ নহয়। ইয়াৰ বাবে চৰকাৰ আৰু বাগিচাৰ মালিকসকলৰ ঐকান্তিক প্ৰচেষ্টাৰ দৰকাৰ। সুৰাপান আৰু নিমখৰ পৰিমাণ হ্ৰাসৰ বাবে ব্যাপক সজাগতামূলক কাৰ্যসূচী হাতত ল’লে ‘নীৰৱ ঘাতক’ উচ্চ-ৰক্তচাপৰ সমস্যা হ্ৰাস নোপোৱাৰ কোনো কাৰণ নাই। শ্ৰমিকসকলে যিহেতু যথেষ্ট শাৰীৰিক শ্ৰম কৰে, তেওঁলোকৰ খাদ্যাভাস  ঠিক হ’লেই যে এই ৰোগৰ পৰা হাত সাৰিব পাৰিব তাত বিন্দুমাত্ৰ সন্দেহৰ অৱকাশ নাই।

(এই লেখাটো ৰিটছ্ মিডিয়া ফেল’শ্বিপৰ অংশ)

মহেশ ডেকা

মহেশ ডেকা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

June 12, 2026 9:18 pm
২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

June 12, 2026 8:56 pm
মেটাৰ সেৱাত বিশ্বজুৰি বিঘিনি : কিছু সময়ৰ বাবে অচল হৈ পৰিল লাখ লাখ লোকৰ ফেচবুক-ইনষ্টাগ্ৰাম-হোৱাটছএপ

মেটাৰ সেৱাত বিশ্বজুৰি বিঘিনি : কিছু সময়ৰ বাবে অচল হৈ পৰিল লাখ লাখ লোকৰ ফেচবুক-ইনষ্টাগ্ৰাম-হোৱাটছএপ

June 12, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

June 12, 2026 9:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd