• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2026 8:56 pm
747
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী চাকৰি লাভৰ বাবে অনুষ্ঠিত পৰীক্ষাত সফলতা লাভ কৰাটো লাখ লাখ প্ৰাৰ্থীৰ বাবে এক কঠিন প্ৰত্যাহ্বান। কিন্তু ছত্তীশগড়ৰ ৰায়পুৰৰ ২৩ বছৰীয়া চাৰু পাণ্ডেই একৰ পিছত এক চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এক ব্যতিক্ৰমী নজিৰ সৃষ্টি কৰিছে। এটা বা দুটা নহয়, মুঠ ১৯টা চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাত সফলতা লাভ কৰিছে চাৰুৱে।

চাৰুৰ এই অসাধাৰণ সফলতাৰ স্বীকৃতি হিচাপে স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত বিশেষ সন্মান গ্ৰহণৰ বাবে তেওঁক আমন্ত্ৰণ জনোৱা হৈছে। কম বয়সতে লাভ কৰা এই সফলতাৰ বাবে দেশজুৰি চৰ্চালৈ আহিছে ৰায়পুৰৰ তৰুণীগৰাকী।

Apply Now

বৰ্তমান চেন্নাইস্থিত ভাৰতৰ মহা হিচাপ পৰীক্ষক আৰু নিয়ন্ত্ৰকৰ কাৰ্যালয়ত সহকাৰী নিৰীক্ষক হিচাপে কৰ্মৰত চাৰু পাণ্ডে। চাকৰিত যোগদান কৰাৰ পূৰ্বেই তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

চাৰুৱে ষ্টাফ ছিলেকশ্যন কমিছনৰ সংযুক্ত স্নাতক স্তৰৰ পৰীক্ষা, উচ্চতৰ মাধ্যমিক স্তৰৰ পৰীক্ষা, মাল্টি-টাস্কিং ষ্টাফ, জেনেৰেল ডিউটি আৰু কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ নিযুক্তি পৰীক্ষাত সফলতা লাভ কৰিছে। ইয়াৰ উপৰি বিভিন্ন ৰাষ্ট্ৰীয়কৃত বেংকৰ প্ৰবেচনেৰী অফিচাৰ আৰু কেৰাণী পদৰ পৰীক্ষাতো উত্তীৰ্ণ হৈছে তেওঁ।

ৰে’লৱেৰ নন-টেকনিকেল পপুলাৰ কেটেগৰী আৰু গ্ৰুপ-ডি নিযুক্তি পৰীক্ষাৰ লগতে কেইবাটাও ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষাতো চাৰুৱে সফলতা লাভ কৰিছে। দিল্লী আৰক্ষী, পৰিবহণ বিভাগৰ উপ-পৰিদৰ্শক আৰু স্বাস্থ্য অভিযানৰ নিযুক্তি পৰীক্ষাতো তেওঁ উত্তীৰ্ণ হৈছে।

নিজৰ সফলতাৰ আঁৰৰ কাহিনী প্ৰকাশ কৰি চাৰুৱে কয় যে তেওঁ কেতিয়াও ১৯টা পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিব বুলি ভবা নাছিল। তেওঁৰ একমাত্ৰ লক্ষ্য আছিল এখন চৰকাৰী চাকৰি লাভ কৰা। সেই লক্ষ্যত উপনীত হ’বলৈ তেওঁ সময়ৰ সঠিক ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব দিছিল।

চাৰুৰ মতে, সম্পূৰ্ণ পাঠ্যক্ৰম শেষ কৰাটোৱেই সফলতাৰ একমাত্ৰ পথ নহয়। যিমানখিনি পঢ়া হয়, সেইখিনি সম্পূৰ্ণ মনোযোগেৰে ভালদৰে বুজি লোৱাটো অধিক গুৰুত্বপূৰ্ণ। নিয়মীয়া অধ্যয়ন, সময় ব্যৱস্থাপনা আৰু ধৈৰ্যই তেওঁক এই সফলতা লাভ কৰাত সহায় কৰিছে।

চাকৰিপ্ৰাৰ্থীসকললৈ চাৰুৰ পৰামৰ্শ হৈছে, কোনো এটা পৰীক্ষাত ব্যৰ্থ হ’লেও হতাশ হ’ব নালাগে। বাৰে বাৰে চেষ্টা কৰিলে প্ৰতিটো অভিজ্ঞতাৰ পৰা নতুন কথা শিকিব পাৰি। সেই অভিজ্ঞতাই পৰৱৰ্তী সময়ত সফলতাৰ পথ মুকলি কৰে।

চাৰুৰ সফলতাই সামাজিক মাধ্যমতো যথেষ্ট চৰ্চা লাভ কৰিছে। বহুতে তেওঁৰ অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমক দেশৰ যুৱ সমাজৰ বাবে অনুপ্ৰেৰণা বুলি উল্লেখ কৰিছে। অৱশ্যে কেৱল একাধিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ভিত্তিত বিশেষ সন্মান প্ৰদান কৰাটো কিমান যুক্তিসংগত, সেই বিষয়েও একাংশই প্ৰশ্ন উত্থাপন কৰিছে। বিতৰ্ক থাকিলেও কম বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা চাৰু পাণ্ডেৰ কৃতিত্ব যে অতি বিৰল, সেই কথা অস্বীকাৰ কৰিব নোৱাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd