শিৱসাগৰৰ শিশু আশ্ৰয় গৃহৰ যৌন নিৰ্যাতনৰ ঘটনা : গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদনৰ শুনানি গ্ৰহণ

20181219_112937-750x375

ফাইল ফটো

শিৱসাগৰৰ এটা শিশু আশ্ৰয় গৃহত তিনিগৰাকীকৈ কন্যা শিশুক শাৰীৰিক আৰু যৌন নিৰ্যাতন চলোৱাৰ ঘটনা সন্দৰ্ভত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰিছে। ১/২০১৯ নম্বৰৰ উক্ত আবেদনখনৰ শুকুৰবাৰে শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীৰ খণ্ড বিচাৰপীঠে।

বিচাৰপীঠখনে ৰাজ্যৰ গৃহ আৰু সমাজ কল্যাণ বিভাগকে ধৰি পদকীয়া পক্ষসমূহলৈ জাননী জাৰি কৰাৰ লগতে অহা ২৮ জানুৱাৰিত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকক তদন্তৰ প্ৰতিবেদন দাখিলৰো নিৰ্দেশ দিয়ে।

আবেদনখনত সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব, গৃহ বিভাগৰ প্ৰধান সচিব, আৰক্ষী সঞ্চালকপ্ৰধান আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগকো পদকীয়া পক্ষ হিচাপে ৰখা হৈছে।

শিৱসাগৰ জিলাৰ ‘স্বপ্নালয়  শিশু গৃহ’ত থকা তিনিগৰাকী কন্যা শিশুৱে গৃহটোৰ অধীক্ষক আৰু গৃহ ধাত্ৰীৰ যৌন আৰু শাৰীৰিক নিৰ্যাতন সহিব নোৱাৰি যোৱা ছেপ্টেম্বৰ মাহত পলায়ন কৰাৰ উপৰি এগৰাকী নিৰ্যাতিতাই আত্মহত্যাৰ চেষ্টা পৰ্যন্ত কৰাৰ ঘটনা সন্দৰ্ভত ‘দি আছাম ট্ৰিবিউন’ কাকতত যোৱা ২০ ডিচেম্বৰত এক প্ৰতিবেদন প্ৰকাশিত হৈছিল।

উক্ত প্ৰতিবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদন সমিতিৰ পৰামৰ্শ অনুসৰি উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এই আবেদনখন গ্ৰহণ কৰে।

উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ শিশু সুৰক্ষা বিষয়াই শিৱসাগৰৰ ‘স্বপ্নালয় শিশু গৃহ’ত ঘটা যৌন আৰু শাৰীৰিক নিৰ্যাতনৰ বাবে তিনিগৰাকী কন্যা শিশুৱে গৃহটোৰপৰা পলায়ন কৰা বিষয়টো সন্দৰ্ভত জিলাখনৰ শিশু কল্যাণ পৰিষদলৈ লিখা এখন পত্ৰৰ পাছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছিল।

নিৰ্যাতিতা কেইগৰাকীয়ে শিশু কল্যাণ পৰিষদৰ আগত দিয়া জবানবন্দীত স্বপ্নালয় শিশু গৃহৰ অধীক্ষক পৰাগ গোস্বামীয়ে তেওঁলোকক শাৰীৰিক আৰু যৌন নিৰ্যাতন চলোৱাৰ কথা সদৰী কৰিছিল। তদুপৰি, গৃহ ধাত্ৰী গীতা কাকতিয়েও তেওঁলোকক শাৰীৰিক নিৰ্যাতন কৰাৰ কথা স্বীকাৰ কৰিছিল।

আনহাতে, ঘটনা সন্দৰ্ভত ঐক্য সেনা, অসম নামৰ সংগঠনটোৱে দাখিল কৰা এজাহাৰৰ ভিত্তিত শিৱসাগৰ থানাত ‘স্বপ্নালয়’ৰ অধীক্ষক পৰাগ গোস্বামী আৰু গৃহ ধাত্ৰী গীতা কাকতিৰ বিৰুদ্ধে ৮৯৭/২০১৮ নম্বৰত এটা গোচৰ ৰুজু কৰা হয়।