গৃহৰক্ষী জোৱানলৈ সুখবৰ! ৯ হাজাৰ টকাৰ পৰিৱৰ্তে ২৩ হাজাৰ টকালৈ ভাট্টা বৃদ্ধিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Gauhati High Court home guard

সুদীৰ্ঘ সময় ধৰি নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰে আন্দোলন কৰি অহা অসমৰ গৃহৰক্ষী জোৱানলৈ আহিছে এক সুখবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশে আনিছে এই সুখবৰ।

ৰাজ্যত বৰ্তমান ২৪৬৯৬ গৰাকী গৃহৰক্ষী জোৱান আছে। এই জোৱান সকল ৰাজ্যৰ বিভিন্ন থানাসমূহত কৰ্মৰত হৈ আছে।

দীৰ্ঘদিনে গৃহৰক্ষী জোৱানসকলে তেওঁলোকৰ দাবীক লৈ আন্দোলন-প্ৰতিবাদ কৰি আহিছিল। কিন্তু কোনো এখন চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নোলোৱাত অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ত ২০২০ চনত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সংস্থাই তৰিছিল গোচৰ।

তেওঁলোকৰ দাবী আছিল আৰক্ষী কনিষ্টবল বা অন্যান্য জোৱানসকলৰ সমান্তৰালকৈ দৰমহা লাভ কৰাৰ লগতে চাকৰিৰ নিয়মীয়াকৰণ কৰা।

এই গোচৰৰ শুনানি গ্ৰহণ কৰি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা এমাহৰ ভিতৰত গৃহৰক্ষী জোৱানৰ ভাট্টা এজন আৰক্ষী কনিষ্টবলৰ সম পৰ্যায়লৈ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে।

আৰক্ষী কনিষ্টবলৰ দৰমহা বৰ্তমান সময়ত ২৩ হাজাৰ বুলি জানিব পৰা গৈছে।

গুৱাহাটী উচ্চ ন্যায়ালৰ এই নিৰ্দেশৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ সম্পাদক মৃণাল দাসে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অহা ১৫ আগষ্ট অৰ্থাত্ স্বাধীনতা দিৱসৰ দিনাৰে পৰা চৰকাৰে ২৩ হাজাৰ টকালৈ তেওঁলোকৰ ভাট্টা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে।

অৱশ্যে ভাট্ট বৃদ্ধি কৰিলেও তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী সদায় থাকিব বুলিও তেওঁ কয়।