কাজিৰঙাত ফ্ৰান্স চৰকাৰৰ উচ্চ পৰ্যায়ৰ সঁজাতীৰ দল : কাজিৰঙাৰ ভ্ৰমণ কৰি আপ্লুত হ’ল সকলো

IMG-20210131-WA0027

অসম চৰকাৰৰ বন আৰু জৈৱবৈচিত্ৰ সংৰক্ষণৰ অসম প্ৰকল্পৰ আধাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰূপায়ন কৰা হাইলেণ্ড নিৰ্মাণ, জন কল্যাণ আঁচনি, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ লগতে অনান্য আঁচনিৰ ৰূপায়ণৰ কাম চাবলৈ কাজিৰঙালৈ আহিছে ফৰাচী দেশৰ উচ্চস্তৰীয় এক সঁজাতীৰ দল৷

দুদিনীয়া ভ্ৰমনসূচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা ফৰাচী বিকাশ প্ৰাধিকৰণৰ এই সঁজাতী দলত আছিল ফ্ৰান্সৰ পৰিৱেশতন্ত্ৰ আৰু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী পম্পিলি, বিভাগীয় নিৰাপত্তা বিষয়া ডমিনিক দেচেম্প, পৰিৱেশতন্ত্ৰ আৰু পৰিবৰ্তন বিভাগৰ মুখ্য বিষয়া কেৰিণী লালমান্ট, কূটনৈতিক বিষয়া কেভিন মাৰ্গ’ণ আৰু সহনশীল উন্নয়ন বিভাগৰ কাউন্সেলৰ মেক্সিম ডউ বইচ।

তেওঁলোকক সংগ দিয়ে ভাৰতত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইন, কনচেল জেনেৰেল ভাৰ্জিনী কৰ্টাভেল, সাংবাদিক মাৰিয়ান গ্ৰেপিনেট আৰু ফিলিপ পেটিটৰ লগতে প্ৰকল্প বিষয়া ব্ৰুন’ব’চেল৷

দুদিনীয়া এই ভ্ৰমণ কালত ফৰাচী দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল ভ্ৰমণ কৰাৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনৰ পাণবাৰী পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কৰ্ম আঁচনি আৰু কাষতে থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰও পৰিদৰ্শন কৰে৷

দলটোৰ এই ভ্ৰমণত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, ডিএফঅ’ ৰমেশ কুমাৰ গগৈ, সহকাৰী বন সংৰক্ষক ঋতুপৱন বৰাৰ লগতে বিষয়া কৰ্মচাৰীয়ে সংগ প্ৰদান কৰে৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কাম কাজক প্ৰশংসা কৰাৰ লগতে ফৰাচী দলটোৱে সমিতিৰ সদস্যসকলে উৎপাদন কৰা সামগ্ৰীও ক্ৰয় কৰে৷

উল্লেখ্য যে অসম চৰকাৰৰ বন আৰু জৈৱবৈচিত্ৰ সংৰক্ষণৰ অসম প্ৰকল্পৰ বাবে ২০১৭ চনতেই ফ্ৰান্সৰ বিকাশ প্ৰাধিকৰণেও সাহায্য আগবঢ়াইছিল৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি অভিভূত হৈ পৰে ফৰাচী দেশৰ উচ্চ পদস্থ এই সঁজাতী দল৷ আজি দুদিনীয়া ভ্ৰমন সামৰি উভতি যায় ফৰাচী সঁজাতীৰ দলটো৷