দিল্লীৰ নতুন মেয়ৰ হ’ব কোন?

আপ নেত্ৰী শিখা গাৰ্গে পক্ষ সলনি কৰাৰ বাবে উৎকোচ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰি দিল্লী দুৰ্নীতি নিবাৰক ব্যুৰোত বিজেপিৰ কাউন্সিলাৰ মনিকা পণ্টে এজাহাৰ দাখিল কৰিছিল।

১৫ বছৰীয়া বিজেপিৰ শাসন উফৰাই আম আদমী পাৰ্টিয়ে প্ৰথমবাৰৰ বাবে এইবাৰ দিল্লীৰ পৌৰসভা দখল কৰিলে। ২০২২ চনৰ শেষৰ ফালে দিল্লীৰ পৌৰসভাৰ নিৰ্বাচনত বিজয়ৰ হাঁহি মাৰে আপে।

২৫০ খন আসনযুক্ত দিল্লীৰ পৌৰসভাৰ ১৩৪ খন আসন লাভ কৰে আপে। ইয়াৰ বিপৰীতে বিজেপিয়ে ১৩৪ খন আৰু কংগ্ৰেছ দলে ৯ খন আসন লাভ কৰে দিলীৰ পৌৰসভাৰ নিৰ্বাচনত।

দিল্লী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ এমাহৰ পাছত বৃহস্পতি বাৰে দিল্লীয়ে লাভ কৰিব নতুন মেয়ৰ। আজি দিল্লী পৌৰসভাত শপত গ্ৰহণ কৰিব নৱনিৰ্বাচিত কাউন্সিলাৰসকলে। এই অধিৱেশনতে অনুষ্ঠিত হ’ব নতুন মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নিৰ্বাচন প্ৰক্ৰিয়া। এতিয়া দিল্লীৰ ৰাজনৈতিক মহলৰ মাজত এটাই প্ৰশ্ন – কোন হ’ব দিল্লীৰ পৰৱৰ্তী মেয়ৰ?

উল্লেখ্য যে মেয়ৰ পদৰ বাবে আপে শ্বেলী ওবেৰয় আৰু আছু ঠাকুৰক প্ৰক্ষেপ কৰিছে। দলটোৰ মূল প্ৰতিদ্বন্দ্বী হৈছে শ্বেলী ওবেৰয়।

ডেপুটি মেয়ৰ পদৰ বাবে আম আদমি পাৰ্টিয়ে মনোনীত কৰিছে জালাজ কুমাৰ আৰু আলে মহম্মদ ইকবালক। আনহাতে বিজেপিয়ে ডেপুটি মেয়ৰৰ বাবে কমল বাগৰীক প্ৰক্ষেপ কৰিছে ।

কিন্তু শেহতীয়াকৈ আম আদমী পাৰ্টি আৰু দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ বিনয় কুমাৰ ছাক্সেনাৰ মাজত হোৱা শ্ব’ডাউনৰ মাজতে আবদ্ধ হৈ পৰিছে মেয়ৰ নিৰ্বাচন। দহজন এল্ডাৰমেনক মনোনীত কৰাক লৈ আপৰ সদস্যই কৰিছে আপত্তি। এল্ডাৰমেন হ’ল সেইসকল লোক যিসকল নিজৰ ক্ষেত্ৰত বিশেষজ্ঞ যদিও মেয়ৰৰ নিৰ্বাচনত তেওঁলোকৰ ভোটাধিকাৰ নাই।

এল্ডাৰমেনৰ সম্পৰ্কত হোৱা অবৈধ আৰু অসাংবিধানিক পদ্ধতিৰ বিৰুদ্ধে হস্তক্ষেপ বিচাৰি লেফটেনেন্ট গৱৰ্ণৰ বিনয় কুমাৰ চাক্সেনালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে কেজৰিৱালে। ইতিমধ্যে সেই পত্ৰখন টুইটাৰযোগে প্ৰচাৰ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ পূৰ্বেও এল জি( লেফটেনেন্ট গৱৰ্ণৰ) য়ে বিজেপিৰ কাউন্সিলাৰ সত্য শৰ্মাক প্ৰথম সদনৰ বৈঠকত প্ৰিজাইডিং অফিচাৰ হিচাপে মনোনীত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল আপে। সকলো গণতান্ত্ৰিক পৰম্পৰা আৰু প্ৰতিষ্ঠান ধ্বংস কৰা বুলি বিজেপিক তীক্ষ্ণ সমালোচনা কৰিছিল আম আদমী পাৰ্টিয়ে।

উল্লেখযোগ্য যে দিল্লীৰ মেয়ৰৰ পদত ঘূৰণীয়া ভিত্তিত পাঁচটা একবছৰীয়া কাৰ্যকাল থাকে, প্ৰথম বছৰটো মহিলাৰ বাবে সংৰক্ষিত, দ্বিতীয়টো কাৰ্যকাল মুকলি , তৃতীয়টো সংৰক্ষিত শ্ৰেণীৰ বাবে, আৰু বাকী দুটাও সকলোৰে বাবে মুকলি থাকে।

উল্লেখ্য যে কংগ্ৰেছে মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নিৰ্বাচনত অংশগ্ৰহণ নকৰে বুলি কৈছে।

মেয়ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু আপ দুয়োটা দলে পৰস্পৰক বিৰোধী কাউন্সিলাৰৰ চোৰাংচোৱাগিৰি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। আপ নেত্ৰী শিখা গাৰ্গে পক্ষ সলনি কৰাৰ বাবে উৎকোচ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰি দিল্লী দুৰ্নীতি নিবাৰক ব্যুৰোত বিজেপিৰ কাউন্সিলাৰ মনিকা পণ্টে এজাহাৰ দাখিল কৰিছিল। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে বিজেপিয়ে আপৰ কাউন্সিলাৰসকলক দলত্যাগ কৰিবলৈ ১০ লাখৰ পৰা ৫০ লাখ টকা আগবঢ়াব পাৰে।