NORTHEAST NOW (Assamese)

সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ১৯ জানুৱাৰী, ২০২০ লৈ পিছুৱালে হাইস্কুল টেট পৰীক্ষা

December 19, 2019 7:37 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অসমত অব্যাহত থকা নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰবল প্ৰতিবাদৰ বাবে ২২ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল টেট পৰীক্ষা ১৯ জানুৱাৰী, ২০২০ তাৰিখলৈ পিছুৱাই দিয়া হৈছে।

সৰ্বশিক্ষা মিশ্যন ডাইৰেক্টৰে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে হাইস্কুল টেট পৰীক্ষা পিছুৱাই দিয়া হৈছে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, লোকসভা আৰু ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ বহু পূৰ্বৰে পৰা অসমত বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।

লোকসভাৰ আৰু ৰাজ্যসভাত বিধেয়কখন গৃহীত পাছত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰেৰে বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছৰে পৰা অসমত অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হয় যাৰ বাবে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহে ইয়াৰ পৰীক্ষা সূচী সমূহত সালসলনি কৰিছে।

নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী আন্দোলনত নিৰাপত্তাৰক্ষীৰ গুলীত বহুকেইগৰাকী অসমীয়া যুৱকে প্ৰাণ হেৰুৱাব লগা হোৱাৰ উপৰিও ভালেসংখ্যক লোক আহত হৈ চিকিৎসাধীন হৈ আছে।

অসমত বহু দিনৰ পৰা প্ৰশাসনে জনসাধাৰণক বঞ্চিত কৰি ইণ্টাৰনেট সেৱাও বন্ধ কৰি ৰাখিছে যাৰবাবে অনলাইন ব্যৱসায় সমূহে বৃহৎ লোকচানৰ সন্মুখিন হ’বলগীয়া হৈছে।

Related News