সংখ্যালঘু অধ্যুষিত এলেকাত অভাৱনীয় হাৰত ভোটদানৰ হাৰ বৃদ্ধিয়ে সূচাইছে কি?

সংখ্যালঘু অধ্যুষিত প্ৰায় আটাইবোৰ সমষ্টিত ৮০ শতাংশতকৈ অধিক ভোটদান

stlbzkmppy-1582433861

অসমত ইতিমধ্যে তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰিছে। কিন্তু বৰ্তমানলৈকে সঠিক ভোটদানৰ হাৰ প্ৰকাশ পোৱা নাই যদিও বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে তৃতীয় পৰ্য্যায়ত অসমত ৮২.৩৩ শতাংশ ভোটগ্ৰহণ হৈছে।

প্ৰথম আৰু দ্বিতীয় পৰ্য্যায়তকৈ তৃতীয় পৰ্য্যায়ত তুলনামূলকভাৱে ভোটদানৰ হাৰ বৃদ্ধি পাইছে।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ৰাজ্যৰ আজিৰ দিনটোত চাৰিখন ৰাজ্যৰ ভিতৰত অসমতে ভোটদানৰ হাৰ সৰ্বাধিক।

তাৎপয্যপূৰ্ণভাৱে, সংখ্যালঘু অধ্যুষিত এলেকাতহে এই তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ সৰ্বাধিক হোৱা দেখিবলৈ পোৱা গৈছে।

জিলা ভিত্তিক চাবলৈ গ’লে দক্ষিণ শালমাৰাত সৰ্বাধিক ৮৯.৪৯ শতাংশ ভোটদান বাতৰি সংগ্ৰহৰ সময়লৈকে হৈছে। তাৰ পাছতে সংখ্যালঘু অধ্যুষিত ধুবুৰীত ৮৯.২০ শতাংশ, বিলাসীপাৰাত ৮৭.০৭ শতাংশ ভোটদানৰ হাৰ। ঠিক সেইদৰে গোৱালপাৰা জিলাতো ৮৬.৬০ শতাংশ, নলবাৰী ৮৫.৬২ শতাংশ,  বিজনী ৮৫.০৫ শতাংশ, চিৰাং ৮৪.৪২ শতাংশ, গোসাইগাওঁ ৮৩.৬০ শতাংশ, বৰপেটা ৮৩.২৩ শতাংশ, বঙাইগাওঁ ৮২.৭০ শতাংশ, বাক্সা ৭৮.২২ শতাংশ, বজালী ৭৭.৫১ শতাংশ, কামৰূপ (গ্ৰাম্য) ৭৯.৯৮ শতাংশ, কামৰূপ মেট্ৰ’ত ৭৪.৪২ শতাংশ ভোটদান হৈছে।

উপৰোক্ত তথ্যলৈ লক্ষ্য কৰিলে দেখা যাব যে নলবাৰীক বাদ কৰি অন্য সংখ্যালঘু অঞ্চলত ভোটদানৰ হাৰ বহু পৰিমাণে বৃদ্ধি পাইছে।

ঠিক সেইদৰে অন্য সমষ্টিৰ তুলনাত তৃতীয় পৰ্য্যায়ত সংখ্যালঘু অধ্যুষিত সমষ্টিত বৃদ্ধি পাইছে ভোটদানৰ হাৰ। সংখ্যালঘু অধ্যুষিত সমষ্টি গৌৰীপুৰত ৯০.২০ শতাংশ, ধুবুৰীত ৮৯.৩০ শতাংশ, দক্ষিণ শালমৰা সমষ্টিত ৮৯.৮২ শতাংশ, বাঘবৰ সমষ্টিত ৮৫.৫০ শতাংশ, বৰপেটা ৭৮.৯০ শতাংশ, ভবানীপুৰ ৭৮.৫০ শতাংশ, দক্ষিণ অভয়াপুৰী ৭৯.৯৩ শতাংশ, উত্তৰ অভয়াপুৰীত ৭৮.৬১ শতাংশ, বিলাসীপাৰা পূৱ ৮৬.১৬ শতাংশ, বিলাসীপাৰা পশ্চিম ৮৮.২১ শতাংশ, চেঙাত ৮৪.৬৬ শতাংশ, গোৱালপাৰা পূৱত ৮৪.৫৬ শতাংশ, গোৱালপাৰা পশ্চিম ৮৮.৭৬ শতাংশ, গোলকগঞ্জ ৮৮.১০ শতাংশ, জলেশ্বৰ ৮৯ শতাংশ, জনিয়াত ৮৭.০৬ শতাংশ, মানকাছাৰ ৮৯.২১ শতাংশ ভোটদান সাব্যস্ত হৈছে।

প্ৰশ্ন হৈছে, সংখ্যালঘু অধ্যুষিত এলেকাত হঠাৎ ভোটদানৰ হাৰে সূচাইছে কি? ইয়াৰ পৰা বহুকেইটা প্ৰশ্নৰ অৱতাৰণা হ’ব। ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত সংখ্যালঘু লোকসকল বেছিকৈ সজাগ হৈ উঠিছে নেকি? নে চৰকাৰৰ পৰিৱৰ্তন বিচাৰিছে সংখ্যালঘু লোকে।

কিয়নো বিৰোধী শিৱিৰত এটা বিষয়ে দীৰ্ঘদিন ধৰি চৰ্চা লাভ কৰি আহিছে যে বিজেপি সংখ্যালঘু মুছলমান বিৰোধী তথা সংখ্যালঘু লোকে বিজেপিক আঁকোৱালি ল’ব বেয়া পায়। সেয়েহে তেওঁলোকে কংগ্ৰেছ-এআইয়ুডিএফ মহাজোঁটক সমৰ্থন জনাবলৈকে দলে-বলে ভোটদানৰ বাবে ওলাই অহা বুলি কংগ্ৰেছৰ এক সুত্ৰই দাবী কৰিছে।

তাৰ বিপৰীতে বিজেপিৰ শীৰ্ষ মহলৰ দাবী কংগ্ৰেছ-এআইয়ুডিএফৰ কবলৰ পৰা সংখ্যালঘু লোকসকলে মুক্তি বিচাৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ সিদ্ধান্ত ইতিমধ্যে লৈছে। সেয়েহে তেওঁলোকে দলে-বলে মিত্ৰজোঁটৰ প্ৰাৰ্থীক জিকোৱাৰ বাবে সিদ্ধান্ত লৈছে।

অৱশ্যে, কাৰ ধাৰণা সঁচা হয় সেয়া ২ মে’ৰ ফলাফলতহে গম পোৱা যাব।

তাৰ বিপৰীতে সংখ্যালঘু লোকৰ প্ৰভুক্ত নথকা গুৱাহাটীৰ চাৰিটাকৈ সমষ্টি ক্ৰমে জালুকবাৰী, দিচপুৰ, পূৱ গুৱাহাটী আৰু পশ্চিম গুৱাহাটীত ভোটদানৰ শতাংশ লক্ষ্যণীয়কভাৱে কিছুপৰিমাণে কম হোৱা পৰিলক্ষিত হৈছে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতদিনে প্ৰতিনিধিত্ব কৰি অহা জালুকবাৰী সমষ্টিত ৭৯ শতাংশ ভোটদান হোৱাৰ লগতে দিচপুৰ সমষ্টিত ৭২ শতাংশ, পূৱ গুৱাহাটীত ৬৯ শতাংশ, পশ্চিম গুৱাহাটীত ৭৯ শতাংশ ভোটদানৰ হাৰ।

সংখ্যালঘু লোকতকৈয়ো এই সমষ্টিকেইটাৰ ভোটাৰসকলৰ মাজৰ সজাগতা কিয় হ্ৰাস পাইছে বা তেওঁলোক কংগ্ৰেছ-বিজেপি কোনো এটা দলকে বিশ্বাসত ল’ব নোৱাৰাৰ বাবেই ভোটদানৰ পৰা বিৰত থাকিছে নেকি? এই কথাও নুই কৰিব নোৱাৰি।