NORTHEAST NOW (Assamese)

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইট হেক; উপলব্ধ হ’ল জাপানৰ পৰ্ণগ্ৰাফিৰ লিংক

December 1, 2019 12:55 pm · এন ই নাও নিউজ
Updated: December 1, 2019 2:01 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অসমৰ উচ্চ শিক্ষাৰ পীঠস্থান ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতি সুৰক্ষিত বুলি কৰ্তৃপক্ষই দাবী কৰি অহা ৱেবচাইটো আজি ৰাতিপুৱা কোনো দুষ্ট চক্ৰই হেক কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শাখাৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দৈনিক বিভিন্ন তথ্যৰ বাবে চোৱা গুৱাহাটী বিশ্বিবিদ্যালয়ৰ ৱেবচাইটত জাপানৰ পৰ্ণগ্ৰাফিৰ এটা ৱেবচাইট খোল খাইছে বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনোধৰণৰ স্পষ্টীকৰণ লাভ কৰা হোৱা নাই যদিও ৱেবচাইটো পুনৰ ঠিক কৰি তোলাৰ কাম কৰি থকা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত বিশ্ববিদ্যালয়ৰ পুৰণা ৱেবচাইটো নতুন ৰূপত সজাই তোলা হৈছিল আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াক অতি উচ্চ মানদণ্ডৰ আৰু সুৰক্ষিত বুলি অভিহিত কৰিছিল যদিও দেওবাৰৰ ঘটনাই বিশ্ববিদ্যালয়ৰ ৱেবচাইটো এতিয়াও যে সাধাৰণৰ শ্ৰেণীৰ হেকাৰৰ বাবে অতি সহজে হেক কৰিব পৰা পৰ্যায়ত আছে সেয়া প্ৰমাণ কৰি দেখুৱালে।

আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে শীঘ্ৰে ঘটনাৰ লগত জড়িত ব্যক্তিক নিৰ্ধাৰিত চাইবাৰ ক্ৰাইম আইনৰ আধীনত আটক কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী তোলে।

Related News