NORTHEAST NOW (Assamese)

শিৱসাগৰত খোদ ঘাইপথ নিৰ্মাণ প্ৰতিষ্ঠানৰ গাড়ীয়ে ক্ষতি সাধিলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ

September 23, 2018 6:51 pm · পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰত চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কামত জড়িত প্ৰতিষ্ঠানৰ গাড়ীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিস্তৰ ক্ষতিসাধন কৰে। জানিব পৰা মতে কালি বিয়লি ঘিলাগুৰি অঞ্চলত থকা চাৰিলেনযুক্ত পথ নিমাৰ্ণ প্ৰতিস্থানৰ কাৰ্যালয়ৰ পৰা দিচাং মাজগাঁও লৈকে এখন ফৰ্কলেন ঘাইপথৰ ওপৰেদি চলাই নিয়াৰ ফলত ঘাইপথটোৰ কাৰ্পেটিং উঠি যোৱাৰ লগতে বাহনখনৰ চকাৰ হেঁচাত ঘাইপথটোৰ ঠায়ে ঠায়ে বখলা বখলে এৰি গাঁতৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে নিয়ম অনুসৰি ফৰ্কলেনখনক ট্ৰেইলাৰ বাহনত উঠাই কোনো ঠাইলৈ নিব লাগে। কিন্তু চাৰিলেনযুক্ত ঘাইপথৰ কামত জড়িত প্ৰতিষ্ঠানটোৱে নিয়ম ভংগ কৰি পথৰ ওপৰেৰে বাহনখন চলাই আনি পথটোৰ ক্ষতিসাধন কৰাত ৰাইজে দিচাং মাজগাঁৱত বাহনখন আবদ্ধ কৰি ৰাখে।

পিছত শিৱসাগৰ সদৰ থানাৰ আৰক্ষী আৰু ঘাইপথ নিমাৰ্ণৰ কামত জড়িত প্ৰতিষ্ঠানৰ বিষয়া আহি গাড়ীখন দিচাং মাজগাঁৱৰ পৰা ট্ৰেইলাৰত তুলি ডিমৌলৈ লৈ যায়। কিছুদিন পূৰ্বে নিৰ্মাণ কৰি উঠা দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকা ৰাষ্ট্ৰীয় ঘাইপথৰ উক্ত অংশখিনিত পুনৰ পথ নিৰ্মাণত জড়িত বাহনে ধ্বংস কৰাত অঞ্চলটোৰ জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

স্থানীয় ৰাইজে পথ নিমাৰ্ণৰ দায়িত্বত থকা প্ৰতিষ্ঠানক শীঘ্ৰেই ঘাইপথটোৰ ক্ষতিসাধন কৰা অংশখিনি মেৰামতি কৰিবলৈ দাবী জনায়। তদুপৰি উক্ত ঘটনা সন্দৰ্ভত পথ নিৰ্মাণত জড়িত জি ডি চি এল নামৰ বহিৰাগত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে চাকিল হুছেইন আৰু মজিন্দাৰ বৰুৱা নামৰ দুজন যুৱকে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে।

যুৱক দুজনে গাড়ীখন জব্দ কৰিবলৈ দাবী জনোৱাৰ লগতে প্ৰতিষ্ঠানটোৰ পৰা ক্ষতিপূৰণ আদায় কৰিবলৈ দাবী জনায়। শেহতীয়াকৈ শিৱসাগৰ যান-বাহন আৰক্ষীয়ে ঘাইপথৰ ক্ষতিসাধন কৰা ফৰ্কলেন বাহনখন জব্দ কৰা বুলি জানিব পৰা গৈছে।

Related News