শিক্ষানুষ্ঠানত হিজাব পিন্ধিব পাৰিবনে? কি সিদ্ধান্ত দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে

শিক্ষানুষ্ঠানত হিজাব পিন্ধাৰ প্ৰসংগকলৈ আজিও উত্তেজনা বিৰাজ কৰি আছে কৰ্ণাটকত। এই উত্তেজনা এতিয়া দেশৰ আন আন প্ৰান্তলৈও বিয়পি পৰা পৰিলক্ষিত হৈছে।

এনে সময়তে আজি কৰ্ণাটক উচ্চ ন্যায়ালয়ত এই বিষয়ত একাংশ ইছলামধৰ্মী ছাত্ৰীয়ে তৰা এটা গোচৰৰ শুনানি অনুষ্ঠিত কৰে।

অৱশ্যে আদালতে বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ ৰায়দানৰ পৰা বিৰত থাকে আদালতে। আদালতে অত্যন্ত স্পৰ্শকাতৰ বিষয় হিচাবে বিবেচিত হোৱা হিজাব বিতৰ্ক কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত বিশেষ খণ্ডপীঠলৈ প্ৰেৰণ কৰে।

ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিতে কয় যে ‘হিজাবৰ প্ৰসংগই ব্যক্তিগত অধিকাৰ আইনৰ কিছুমান দিশক সামৰি লয়। ফলত এনেবোৰ বিষয়ে কিছুমান সাংবিধানিক প্ৰশ্নৰো জন্ম দিয়ে।

সেয়ে গোচৰটোৰ শুনানি গ্ৰহণৰ দায়িত্ব কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰিতু ৰাজ অৱস্থিৰ নেতৃত্বত ন্যায়াধীশৰ এটা পেনেললৈ প্ৰেৰণ কৰা হৈছে’।

উল্লেখ্য এনে বিতৰ্কৰ বাবেই কালি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই ৰাজ্যখনত তিনিদিনৰ বাবে সকলো হাইস্কুল আৰু মহাবিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছিল।