স্ব-গৃহতে ইছলামধৰ্মী লোকসকলক শ্ব’বে বৰাত পালন কৰিবলৈ আহ্বান হিলাল কমিটিৰ

এপ্ৰিল মাহৰ ৯ তাৰিখে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ শ্ব’বে বৰাত। এই পৱিত্ৰ দিনটোত মছজিদত একগোট হৈ বিশ্ব শান্তিৰ উদ্দেশ্যে আল্লাহৰ ওচৰত দোৱা কৰে ইছলামধৰ্মালম্বী লোকসকলে ৷

ক’ৰ’না ভাইৰাছে বৰ্তমান সমগ্ৰ বিশ্বতে এক ত্ৰাসৰ সৃষ্টি কৰিছে৷ শেহতীয়াভাৱে ভাৰতবৰ্ষতো বহু লোক আক্ৰান্ত হৈছে ক’ৰ’না ভাইৰাছত৷ অসমতো এতিয়ালৈ প্ৰায় ২৭ জন লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত৷

এই কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ লগতে ল’কডাউনৰ প্ৰতি লক্ষ্য ৰাখি নিজ নিজ ঘৰতে পালন কৰা হ’ব পৱিত্ৰ শ্ব’বে বৰাত।

উক্ত দিনটোত নিজ নিজ ঘৰতে থাকি সকলোকে শ্ব’বে বৰাত পালন কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি মৌলানা ফকৰুদ্দিন আহমেদ কাছিমিয়ে।

কেন্দ্ৰীয় হিলাল কমিটিয়ে লগতে চৰকাৰ-প্ৰশাসনৰ সকলো নীতি নিয়ম মানি চলিবলৈও আহ্বান জনাইছে ইছলামধৰ্মী লোকসকলক৷