Commonwealth Games 2022: হিট ২ ত প্ৰথম স্থানেৰে ছেমিফাইনেললৈ আগবাঢ়িল হিমা

Hima Das Commonwealth Games 2022

বাৰ্মিংহামত আন এক কমনৱেলথ পদকৰ সম্ভাৱনা জীয়াই ৰাখিলে আন এগৰাকী অসম সন্তানে। অসমবাসীৰ প্ৰত্যাশা কঢ়িয়াই চলিত বাৰ্মিংহাম কমনৱেলথ গেমছত ছেমিফাইনেললৈ অগ্ৰসৰ হৈছে ধিং এক্সপ্ৰেছ হিমা দাস।

আজি অনুষ্ঠিত হোৱা ২০০ মিটাৰ দৌৰৰ প্ৰথম ৰাউণ্ডত হিট ২ ত প্ৰথম স্থানেৰে ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰে খেলুৱৈগৰাকীয়ে।

হিমাই ২৩.৪২ চেকেণ্ড সময় লৈ ট্ৰেকত নিজৰ দৌৰ সমাপ্ত কৰে। হিট ২ ত দ্বিতীয় স্থানত থকা জাম্বিয়াৰ প্ৰতিদ্বন্দী গৰাকীতকৈ .৪৩ চেকেণ্ড কম সময়ত দৌৰ সমাপ্ত কৰে।

আন গৰাকী সম্ভাৱ্য পদক জয়ী লাভলীনাৰ কমনৱেলথ অভিযান সামৰণি পৰাৰ পিছত অসমবাসীৰ চকু এতিয়া হিমা দাসৰ ওপৰত।

কেৱল অসম বুলিয়ে নহয়, সমগ্ৰ দেশেই ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসৰ পৰা কমনৱেলথ পদক আশা কৰিছে।

দেশবাসীৰ এই প্ৰত্যাশা পূৰণৰ বাবে কাইলৈ ছেমিফাইনেলত ট্ৰেকত অৱতীৰ্ণ হ’ব হিমা।

Also read : Commonwealth Games 2022: কমনৱেলথ গেমছত দেশৰ হৈ জুডোত ৰূপৰ পদক জিকিলে মণিপুৰী কন্যা সুশীলা দেৱীয়ে