দৌৰ ৰাণী হিমা দাসক জি কিউ ইণ্ডিয়াই আজি এই বৰ্ষৰ ‘ইয়ং ইণ্ডিয়ান অব দা ইয়েৰ’ বঁটা প্ৰদান কৰে। বঁটা গ্ৰহণৰ পিছত টুইটাৰযোগে হিমা দাসে জি কিউ ইণ্ডিয়াক তেওঁক এই সন্মান দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখযোগ্য যে দেশৰ নৱতম ট্ৰেকৰাণী তথা ক্ৰীড়াত এই বছৰটোতে দেশক কেইবাটাও বিৰল সন্মান আনি দিয়া ২০ বছৰীয়া হিমাক যোৱা ২৫ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰাম নাথ ক’বিন্দে অৰ্জুন বঁটা প্ৰদান কৰিছিল।
Thank you @gqindia for Young Indian of the Year Award. #GQAwards pic.twitter.com/t8QJirQw5W
— Hima Das (@HimaDas8) September 28, 2018
অৰ্জুন বঁটা লাভ কৰা তেওঁ অসমৰ পঞ্চম গৰাকী খেলুৱৈ।
উক্ত বঁটা গ্ৰহণ কৰাৰ পিছতে হিমা দাসে আজি মুম্বাইত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক সাক্ষাৎ কৰে। টুইটাৰত দিয়া এক প’ষ্টত হিমাই তেণ্ডুলকাৰক লগ ধৰি অভিভুত হৈ পৰা বুলি মন্তব্য কৰে।
উক্ত সাক্ষাৎকালত মাষ্টাৰ ব্লাষ্টাৰ গৰাকীয়ে হিমাক নিজ স্বাক্ষৰিত এটা জাৰ্চী উপহাৰ দিয়ে।
An overwhelming morning, meeting my legend i always looked upon @sachin_rt sir #dreamcometrue #memorablemorning Thanks sir for this memorable jersey and some motivational talks which will really help me in my career. pic.twitter.com/rNMpAOoq3R
— Hima Das (@HimaDas8) September 28, 2018