NORTHEAST NOW (Assamese)

অসমৰ হিমা ‘প্ৰকৃত প্ৰেৰণা’: কপিল দেৱ

September 4, 2018 11:19 pm · এন ই নাও নিউজ
Updated: September 4, 2018 11:20 pm

জাকাৰ্টা এছিয়াদত পদক জয়ী অসমৰ হিমা দাসক ‘প্ৰকৃত প্ৰেৰণা’ৰূপে অভিহিত কৰিছে কপিল দেৱে।

টেৰিটৰিয়েল আৰ্মি আৰু ভাৰতৰ এথলেতিক্স ফেদাৰে’চনে অহা ২ অক্টোবৰত নতুন দিল্লীত আয়োজন কৰা মাৰাথনৰ কাৰ্য্যসূচী ঘোষণাৰ এক অনুষ্ঠানত সোমবাৰে এই মন্তব্য কৰিছে ক্ৰিকেট বিশ্ব কাপজয়ী প্ৰথম ভাৰতীয় দলৰ অধিনায়কজনে।

ভাৰতৰ ক্ৰীড়া জগতত সাধাৰণ আৰু খেলৰ সৈতে জৰিত নথকা ঘৰৰ পৰা অহা খেলুৱৈৰ সফলতালৈ আঙুলিয়াই দেৱে কয় যে খেলুৱৈৰ বেকগ্ৰাউণ্ড আৰু এতিয়া গুৰুত্বপূৰ্ণ নহয়।

‘তেওঁলোক বেছিভাগেই সাধাৰণ ঘৰৰ পৰা আহিছে, কিন্তু পদক জিকাত তেওঁলোকক কোনেও বাধা দিব পৰা নাই,’ দেৱৰ মন্তব্য।

দেশৰ ক্ৰিকেট দলৰ প্ৰাক্তন অলৰাউণ্ডাৰগৰাকী এই মাৰাথনৰ ব্ৰেণ্ড এম্বেছেদৰ।

ভাৰতৰ ৰাষ্ট্ৰীয় মাৰাথন ৰূপেও জনাজাত এই মাৰাথন অৱশ্যে এইবাৰ হাফ মাৰাথন হিচাপেহে অনুষ্ঠিত হ’ব।

Related News