‘অপাৰেচন লটাছ’ৰ সংশয়! জয়ৰ দিশে অগ্ৰসৰ হৈও ভীতিগ্ৰস্ত কংগ্ৰেছ

পৰিত্ৰাণৰ উদ্দেশ্যে বিজয়ৰ দিশত আগবঢ়া দলৰ প্ৰাৰ্থীক বহি:ৰাজ্যলৈ পলুৱাই পঠোৱাৰ পৰিকল্পনা

Himachal election result

ক্ৰমশ: হিমাচলৰ ক্ষমতা পুনৰুদ্ধাৰৰ দিশত অগ্ৰসৰ হৈছে কংগ্ৰেছ। চলি থকা ভোটগণনাত গুজৰাটত ধূলিস্যাত হ’লেও হিমাচল প্ৰদেশত চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰায় নিশ্চিত কৰি তুলিছে কংগ্ৰেছে।

৬৮ খন আসনৰ হিমাচল বিধানসভাত এইমুহূৰ্তলৈকে ৩৯ খন আসনত অগ্ৰগতি লাভ কৰি থকা কংগ্ৰেছৰ বাবে এই জয় যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। দেশৰ ৰাজনীতিত ক্ৰমে দুৰ্বল হৈ পৰা কংগ্ৰেছৰ বাবে এই জয় সঞ্জীৱনী সুধা স্বৰূপ হৈ পৰিছে।

পিছে চৰকাৰ গঠনৰ দিশে আগবাঢ়িলেও এই মুহূৰ্তত এক সংশয়ত ডুব গৈছে একালৰ প্ৰতিপত্তিশীল দলটো। কংগ্ৰেছৰ এই সংশয়ৰ কাৰণ হৈ পৰিছে ‘অপাৰেচন লটাছ’। বিজেপিৰ এই আগ্ৰাসী ৰাজনৈতিক কুট-কৌশলত পাবলগীয়া আকাংক্ষিত বিজয় হেৰুওৱাৰ আশংকাত ভীতিগ্ৰস্ত হৈ পৰিছে কংগ্ৰেছ।

বিজেপিৰ এই সম্ভাৱ্য ‘বিধায়ক চিকাৰ’ৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে বিজয়ৰ দিশত আগবঢ়া দলৰ সদস্যসকলক বহি:ৰাজ্যলৈ পলুৱাই পঠোৱাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে। সূত্ৰ অনুসৰি কংগ্ৰেছে দলৰ চৰকাৰ থকা দুই ৰাজ্য ৰাজস্থান বা ছত্তীশগড়লৈ সম্ভাৱ্য বিজয়ী প্ৰাৰ্থীসকলক লৈ যোৱাৰ পৰিকল্পনা কৰিছে।

বিজয়ৰ পথত থকা প্ৰাৰ্থীসকলে ইতিমধ্যে ছিমলাস্থিত দলৰ ৰাজ্যিক গোটৰ মুৰব্বী প্ৰতিভা সিঙৰ ঘৰত উপস্থিত হৈছে। হিমাচলৰ কংগ্ৰেছ প্ৰভাৰী তাজিন্দৰ সিং বিট্টুৱে এই সন্দৰ্ভত দিয়া ভাষ্য মতে কংগ্ৰেছে প্ৰাৰ্থীসকলক চণ্ডীগড়লৈ নি লুকুৱাই ৰখাৰ ব্যৱস্থাৰ কৰিছে।

বিগত সময়চোৱাত বিজেপিয়ে এইদৰে বিপক্ষৰ চৰকাৰৰ পতন ঘটাবলৈ অৱলম্বন কৰা প্ৰক্ৰিয়া হিমাচলতো ৰূপায়ন কৰিবলৈ চেষ্টা কৰিব বুলি আশংকা কৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰি তেওঁ লগতে পৰৱৰ্তী সময়ত এই বিষয়ে পৰ্যালোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ইফালে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এই সন্দৰ্ভত কয়, “দলৰ পৰ্যবেক্ষক হিচাপে মই হিমাচললৈ যাম।” অৱশ্যে তেওঁ নৱনিৰ্বাচিত বিধায়কসকলক ছত্তীশগড়লৈ অনা নহয় বুলি মন্তব্য কৰে।