শেহতীয়াকৈ হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ এক হঠকাৰী সিদ্ধান্তই চকু কপালত তুলিছে সচেতন ৰাইজ তথা প্ৰকৃতি প্ৰেমীৰ। ন্যায়ালয়ে চৈথালা গাঁৱত ৩ হাজাৰৰো অধিক ফলমূলৰ আপেল গছ কাটিবলৈ নিৰ্দেশ দিছে। এই গছবোৰ বেদখল কৰা বনভূমিত গজিছে বাবেই আদালতে এই নিৰ্দেশ দিছে। অসহায় কৃষকসকলে সুস্থ, উৎপাদনশীল গছবোৰ কাটি পেলোৱাৰ ক্ষোভিত কৰি তুলাৰ লগতে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।
চিমলাৰ প্ৰাক্তন উপ-পৌৰপতি তথা পৰিবেশবিদ টিকেন্দ্ৰ সিং পানোৱাৰে যুক্তি আগবঢ়ায় যে বন সংৰক্ষণৰ নামত কৰা এই কাৰ্য পৰিৱেশ সংৰক্ষণৰ নীতিৰ বিপৰীত। এই গছবোৰে কাৰ্বন শোষণ কৰে, উষ্ণতা নিয়ন্ত্ৰণ কৰে, মাটিৰ আৰ্দ্ৰতা ধৰি ৰাখে, মৌ- পখীলাৰ দৰে পলিনেটৰ আকৰ্ষণ কৰে আৰু জীৱিকাৰ পথ প্ৰদান কৰে। পানোৱাৰে এই সিদ্ধান্তক সমালোচনা কৰি কয় যে ই বৈজ্ঞানিকভাৱে বা পৰিৱেশগতভাৱেও শুদ্ধ নহয়। তেওঁ এই বিৰোধৰ ওপৰত আলোকপাত কৰি কয় যে বনাঞ্চল সুৰক্ষাৰ বাবে গছ ধ্বংস কৰা হৈছে, যাৰ ফলত পৰিৱেশ ন্যায়ৰ মূল মৰ্মই ক্ষতিগ্ৰস্ত হৈছে।
পানৱাৰে জোৰ দি কয় যে অৰণ্যসমূহ কেৱল আমোলাতন্ত্ৰিক সম্পত্তি নহয়, জটিল, বিৱৰ্তনশীল পৰিৱেশ তন্ত্ৰ। জৈৱ বৈচিত্ৰ্য আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰতি স্থিতিস্থাপকতা ৰক্ষাৰ বাবে বনভূমি বেদখলমুক্ত কৰাটো ন্যায্য যদিও ফলমূলৰ গছৰ হঠাতে ধ্বংস হোৱাটো অদূৰদৰ্শী। অধিক সুষম পন্থাৰ বাবে বেদখল কৰা মাটিত বেৰ দিয়া, উদ্যান শস্য বিভাগক সাময়িকভাৱে ফলৰ বাগিচা পৰিচালনা কৰিবলৈ দিয়া, ফল চপোৱাৰ পৰা পোৱা ধন হিমাচল প্ৰদেশৰ বানপীড়িত লোকক সহায় কৰাৰ দৰে জনকল্যাণমূলক কামলৈ প্ৰেৰণ কৰা হ’ব পাৰিলেহেঁতেন। লগতে, ওক আৰু পাইনৰ দৰে থলুৱা প্ৰজাতিৰ সৈতে পৰ্যায়ক্ৰমে পুনৰ বনানীকৰণ কৰিব পৰা গ’লহেঁতেন, যাৰ ফলত আপেল গছৰ উৎপাদনশীল চক্ৰ আৰু বনাঞ্চলৰ পৰিৱেশ তন্ত্ৰৰ ক্ৰমান্বয়ে পুনৰুদ্ধাৰৰ মাজত সহাৱস্থানৰ সুবিধা হ’লহেঁতেন। এনে কৌশল অংশগ্ৰহণমূলক পৰিৱেশবাদৰ সৈতে একে হ’ব, যিয়ে অপ্ৰত্যাৱৰ্তনীয় ধ্বংসৰ আশ্ৰয় লোৱাতকৈ বৈধতা, পৰিৱেশ বিজ্ঞান আৰু মানৱতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব।
এই আদেশে নিৰ্বাচিত বলবৎকৰণৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (এন জি টি) বাৰে বাৰে বনাঞ্চলৰ মাটিত থকা ৰিজ’ৰ্ট আৰু হোটেলৰ দৰে অবৈধ পকী গঠনক লক্ষ্য কৰি লৈছে যদিও এনে উলংঘাৰ সৈতে জীয়াই থকা, পুনৰুত্পাদিত গছবোৰ দ্ৰুতভাৱে কাটি পেলোৱাৰ দৰে জৰুৰীভাৱে মোকাবিলা কৰাটো খুব কমেইহে দেখা যায়।
তেওঁ পৰিৱেশ ন্যায়ৰ পুনৰ পৰিকল্পনাৰ আহ্বান জনায়, আৰু আদালত আৰু ৰাষ্ট্ৰক পৰিৱেশ আৰু সমতা দুয়োটাৰে ৰক্ষক হিচাপে কাম কৰিবলৈ আহ্বান জনায়। প্ৰাচীন বন আইনসমূহৰ অন্তৰ্নিহিত শাস্তিমূলক ব্যৱস্থাৰ পৰিৱৰ্তে তেওঁ পৰিৱেশ পুনৰুদ্ধাৰ, বৈজ্ঞানিক পৰিকল্পনা আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণক অগ্ৰাধিকাৰ দিয়া দীৰ্ঘম্যাদী কৌশলৰ পোষকতা কৰে। তেওঁ সকীয়াই দিয়ে যে বনাঞ্চল পুনৰ উদ্ধাৰৰ বাবে গছ কাটিলে পৰিৱেশ সুৰক্ষাৰ বাবে ৰচনা কৰা ব্যৱস্থাটোৰ প্ৰতি জনসাধাৰণৰ আস্থাৰ প্ৰতি ভাবুকি আহি পৰিছে। পানোৱাৰে দৃঢ়তাৰে কয় যে প্ৰকৃত সংৰক্ষণৰ আৰম্ভণি হয় জীৱন, গছ, মানুহ আৰু প্ৰকৃতিৰ সুক্ষ্ম ভাৰসাম্যক সন্মান কৰাৰ পৰা।