NORTHEAST NOW (Assamese)

হিমাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী জয়ৰাম ঠাকুৰ ক’ৰ’না প’জিটিভ

October 12, 2020 4:21 pm · এন ই নাও নিউজ
Updated: October 12, 2020 4:23 pm

হিমাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী জয়ৰাম ঠাকুৰৰ শৰীৰত সোমবাৰে ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

সোমবাৰে মুখ্য মন্ত্ৰী গৰাকীয়ে নিজেই ক’ৰ’না প’জিটিভ হোৱা বুলি উল্লেখ কৰি তেওঁ বৰ্তমান মুখ্য মন্ত্ৰীৰ বাসভৱনত হোম আইছ’লেশ্যনত থাকিব বুলি সদৰী কৰে।

আনহাতে, টুইটাৰ যোগে মুখ্য মন্ত্ৰী গৰাকীয়ে বিগত এসপ্তাহৰ পৰা কোভিড ৰোগীৰ সংস্পৰ্শলৈ অহাৰ পাছৰে পৰা নিজ বাসভৱনত কোৱাৰেণ্টাইন হৈ আছে বুলি কয়।

কিছুদিন পূৰ্বে  হিমাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী গৰাকীয়ে অটল সুৰংগ উদ্বোধন কৰাৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একেখন মঞ্চত উপস্থিত থাকি ভাষণ প্ৰদান কৰিছিল।

ক’ৰ’নাত আক্ৰান্ত হলেও বৰ্তমানলৈ ঠাকুৰৰ শৰীৰত ক’ৰ’নাৰ বিশেষ লক্ষণ প্ৰকাশ পোৱা নাই আৰু তেওঁ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছে।

ইয়াৰ পূৰ্বে কৰ্ণাটকৰ মুখ্য মন্ত্ৰী, মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী, মণিপুৰৰ মুখ্য মন্ত্ৰীৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

Related News