ৰেপিড দবাত হিমানিশ কুমাৰ শৰ্মাৰ খিতাপ অৰ্জন

ৰেপিড দবা প্ৰতিযোগিতাত হিমানিশ কুমাৰ শৰ্মাই খিতাপ অৰ্জন কৰিছে। হিমানিশে ৬ ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰে। ৰজত বাফনা, ভাৰ্ছিতা চহৰীয়া আৰু জগজিত সিনহাইও ৫ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰে।

অনুৰ্ধ ৭বছৰ শাখাত ধান্যতা গোস্বামীয়ে ৩ পইণ্ট অৰ্জন কৰি প্ৰথম স্থান লাভ কৰে। হৃয়াংশ ডেকা আৰু ধিঢ়ান গোস্বামীয়ে ২.৫ পইণ্টকৈ অৰ্জন কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।
অনুৰ্ধ ৯ বছৰ শাখাত, নীহাৰ দাসে ৩.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। প্ৰজ্ঞান থাওছেন আৰু সিদ্ধাৰ্থ সিঙে ৩ পইণ্টকৈ সংগ্ৰহ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।

অনুৰ্ধ ১১ বছৰ শাখাত, অথৰ্ব মহন্তই ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান দখল কৰে। আৰাধ্যা ভৰদ্বাজেও ৪ পইণ্ট অৰ্জন কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। নিভৃতি গোস্বামীয়ে ৩.৫ পইণ্ট অৰ্জন কৰি তৃতীয় স্থান লাভ কৰে।
অনুৰ্ধ ১৩ বছৰ শাখাত, সুহান পাতিয়ে ৪.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান দখল কৰে। শিৱম দত্তই ৪ পইণ্টেৰে দ্বিতীয় আৰু শুভাং প্ৰাণ কাশ্যপে ৩.৫ পইণ্টেৰে তৃতীয় স্থান লাভ কৰে।

অনুৰ্ধ ১৫ বছৰ শাখাত, ৰেইহান হুছেইনে ৪.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। নৱজ্যোতি দাসে ৩.৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান অধিকাৰ কৰে।

ছুইছ লীগ পদ্ধতিত অনুষ্ঠিত এই প্ৰতিযোগিতা খনত মূঠ ৩৯জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।
ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে প্ৰতিযোগিতা খন মূখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰিছিল।