NORTHEAST NOW (Assamese)

মই আপোনাতকৈ বেছি ভালকৈ ইংৰাজী ক’ব পাৰো; আপুনি ডক্টৰেট হ’ব পাৰে : হিমন্তক প্ৰত্যাহ্বান প্ৰাক্তন বায়ুসেনা বিষয়াৰ

January 19, 2020 1:16 pm · এন ই নাও নিউজ
Updated: January 19, 2020 1:18 pm

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ আছু বা জুবিনে প্ৰত্যাহ্বান জনোৱা নাই প্ৰত্যাহ্বান জনালে এজন যুৱক তথা এজন প্ৰাক্তন বায়ুসেনা বিষয়াই। যুৱকজনে নিজৰ ফেচবুক একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায়। যুৱকজনক হিমাংশু গগৈ বুলি চিনাক্ত কৰা হৈছে।

হিমাংশু গগৈয়ে নিজৰ ফেচবুকত ভিডিঅ’টোৰ জৰিয়তে কোৱা কথাখিনি অসম্পাদিত ৰূপত উল্লে কৰা হৈছে। যুৱকজনে কয়, “মোৰ নামটো হিমাংশু গগৈ। আপুনি এজন গগৈক মাতিছে আপোনাৰ সৈতে একেলগে থিয় হৈ অসম চুক্তিখন ইংৰাজীত পাঠ কৰিবলৈ। এইক্ষেত্ৰত মই আপোনাক কওঁ – I can speak better English than you, আপুনি ডক্টৰেট হ’ব পাৰে। কেতিয়াও আপুনি  ইংৰাজীত উঠা–বহা কৰিয়ে পোৱা নাই।”

হিমাংশুৱে কয়, “মই ১৪ বছৰ এয়াৰ ফ’ৰ্চত চাকৰি কৰি আহিছো আৰু পুৱাৰ পৰা গধূলিলৈকে অকল ইংৰাজীতে কথা পাতি জীয়াই আহিছো। ছাত্ৰ সংগঠনৰ এজন নেতাক আপুনি মাতি কিহৰ দম্ভালি মাৰিছে? ছাত্ৰ সংগঠনৰ নেতাক আপুনি অসম চুক্তিৰ ওপৰত কথা ক’বলৈ মাতিছে, কিন্তু যোৱা ১০ বছৰে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আপুনিয়ে নাছিল জানো? আপুনিয়েতো আছিল কংগ্ৰেছৰ ২ নম্বৰ মন্ত্ৰী। কংগ্ৰেছৰ ২ নম্বৰ চি এম”

“এতিয়া বিজেপিতো আপুনি ২ নম্বৰ চিএম। কাইলৈ বিজেপি বিফল হ’লে আপুনি সৰ্বানন্দ সোণোৱালকে গালি পাৰি থাকিব নেকি? আজি তাৰিখত সৰ্বানন্দ সোণোৱালে গম নাপায় কেইলাখ হিন্দু বাংলাদেশীয়ে অসমত নাগৰিকত্ব পাব, কিন্তু আপুনি জানে। ডক্টৰেড ডিগ্ৰী আপুনিহে ল’লে বুলি ভাবিছে নেকি? মই যিমানখিনি ইংলিছ জানো আপোনাৰ মুখত নুফুটিবই।” উল্লেখ কৰে হিমাংশু গগৈয়ে।

ভিডিটোৰ শেষত হিমাংশুৱে কয়, “২০২১ত কিন্তু ৰাইজে বিজেপিক ওফৰাই পঠিয়াব। আৰু নকওঁ বেছিকৈ ক’লে আপোনালোকে জে’লত ভৰাই থ’ব। ভৰাই থ’লেও থওক, ভয় নকৰো। ১৪ বছৰ এয়াৰ ফ’ৰ্চত চাকৰি কৰি আহিছো। ইমানখিনিতো দম আছে।”

Related News