NORTHEAST NOW (Assamese)

‘২৬ত ‘হিমন্ত বাঘ’ক ট্ৰেংকুলাইজড কৰি অচেতন কৰা হ’ব : ভূপেন বৰা

January 10, 2025 7:49 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

দেৱলাল গাৰ্লোছা আৰু তেওঁৰ পত্নী কণিকা হোজাইৰ লগতে খনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক নটৰাজন আনন্দক অসম আৰক্ষীয়ে কেতিয়া গ্ৰেপ্তাৰ কৰিব? উচ্চতম ন্যায়ালয়ে বন্ধ কৰি থোৱাৰ পিছতো ৰেট হোল মাইনিং চলাই থকা বিজেপিৰ ৰাজনৈতিক নেতাৰ বিৰুদ্ধে চিবিআইয়ে কিয় তদন্ত নকৰে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেট হোল মাইনিং চলি থাকিবলৈ দি ছিণ্ডিকেটৰাজৰ পৃষ্ঠপোষকতা কৰি থকা নাইনে? এই প্ৰশ্নৰে আজি সমগ্ৰ অসমৰ আকাশ-বতাহ কঁপাই তোলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত হাজাৰ হাজাৰ কংগ্ৰেছ নেতা-কৰ্মীয়ে শ্ৰমিক হত্যাকাৰীক ধিক্কাৰ দিয়াৰ লগতে এই ঘটনাত জড়িত বিজেপি নেতা-কৰ্মীক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰে।

কংগ্ৰেছ কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষণত সভাপতি ভূপেন বৰাই ২০০০ টকা ঘোচ খালেই জপিয়াই পৰিম বুলি ঘোষণা কৰা দুৰ্নীতি বিৰোধী বাঘ হিমন্ত বিশ্ব শৰ্মাক ২০২৬ত ভোটৰ বাকচত অসমৰ ৰাইজে ট্ৰেংকুলাইজড কৰি অচেতন কৰি পেলাব বুলি ঘোষণা কৰে। অসমত এতিয়া এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞাৰ মাটি-সম্পত্তি আৰু আনফালে ডিমা হাছাওত দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা হোজাইৰ কয়লাৰ ছিণ্ডিকেটৰ মালিক হৈ ধনী হোৱাৰ বাহিৰে বাকী সাধাৰণ মহিলাসকল ১২০০ টকীয়া হিতাধিকাৰী বুলি কটাক্ষ কৰে। বিজেপিৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ আৰু সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি কংগ্ৰেছে সত্যৰ সন্ধানত যুদ্ধ আব্যাহত ৰাখিব বুলি উল্লেখ কৰে।

অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, উপ-সভাপতি নৃপেন ঠাকুৰীয়া, সেৱা দলৰ সভাপতি দ্বীপ বায়ন, বিধায়ক নন্দিতা দাস, ৰেকিবুদ্দিন আহমেদ, দিগন্ত বৰ্মন, জিলা কংগ্ৰেছৰ সভাপতি কংকন দাস, গোপাল শৰ্মা, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই বিজেপি নেতৃত্বৰ চৰকাৰে কি কি ছিণ্ডিকেটৰ লগত জড়িত সেয়া সবিস্তাৰে তথ্য সহকাৰে নিজৰ ভাষণত উল্লেখ কৰি বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছে যুদ্ধ আৰম্ভ কৰা বুলি ঘোষণা কৰে। ইফালে, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু যুৱ কংগ্ৰেছৰ একাংশ নেতাৰ নেতৃত্বত গুৱাহাটীত থকা ক’ল ইণ্ডিয়াৰ কাৰ্যালয় আজি ঘেৰাও কৰা হয় আৰু শ্ৰমিক হত্যা কৰা চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। অসমৰ প্ৰায় সকলো জিলাতে জিলা কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত আজি এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি উঠা দেখা যায়। কংগ্ৰেছৰ এই আন্দোলন ২০২৬ৰ নিৰ্বাচনলৈকে অব্যাহত থাকিব বুলিও নিজৰ ভাষণত সভাপতি ভূপেন বৰাই ঘোষণা কৰে।

Related News