পিপিই কীট পিন্ধি তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’লে হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনে

‘আমি কোভিড নাই বুলি উপেক্ষা কৰিব নোৱাৰো’ ৰকিবুল হুছেইন, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ ৰকিবুল হুছেইনৰ

Gogoi roki final

পিপিই কীট পৰিধান কৰি পৃথকে পৃথকে কোভিড-১৯ত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আৰু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনে।

আজি দুপৰীয়া প্ৰায় ১ বজাত ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুডা আৰু আব্দুল কালাম ৰচিদেও GMCH ত চিকিৎসাধীন হৈ থকা গগৈৰ স্বাস্থ্যৰ বুজ লয়।

চিকিৎসাধীন হৈ থকা অৱস্থাতে পিপিই কীট পৰিধান কৰি গগৈক সাক্ষাৎ কৰে ৰকিবুলে।

গগৈক সাক্ষাৎ কৰি আহি ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ আগত কয় ‘আমি কোভিড নাই বুলি উপেক্ষা কৰিব নোৱাৰো। ময়ো যিহেতু এই ভাইৰাছৰ কবলত পৰিছিলো গতিকে ময়ো এই বেমাৰ সত্য নহয় বুলি ক’ব নোৱাৰো। সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগে।‘

ইপিনে, গগৈৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় ৰকিবুলে।

ইপিনে, ৰকিবুল হুছেইনৰ পাছতে বিধান সভাৰ অধিবেশনৰ সদনৰ অন্তত পুনৰ গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ যায় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কালি নিশাও গগৈৰ দেহত অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাৰ খবৰ লাভ কৰিয়েই GMCH ত উপস্থিত হৈছিল মন্ত্ৰীগৰাকী।

নিশা প্ৰায় ১১:৩০ত গগৈৰ দেহত অক্সিজেনৰ পৰিমাণ ৮৮ শতাংশ লৈ হ্ৰাস পায়।

অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাত নিশাই চিকিৎসকে এক ইউনিত প্লাজমা দিয়াৰ লগতে পৰ্যাপ্ত পৰিমাণে অক্সিজেন যোগান ধৰে।

তাৰ পাছতে তৰুণ গগৈৰ দেহত অক্সিজেনৰ পৰিমাণ ৯৬-৯৭ শতাংশলৈ বৃদ্ধি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে টুইটত জনায়।

নিশাই গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীয়ে।

বৰ্তমান গগৈৰ অৱস্থা ক্ৰমান্বয়ে সুস্থিৰ হৈ আহিছে বুলি জানিব পৰা গৈছে। গগৈয়ে কিছু পৰিমাণে খাদ্য গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে।