NORTHEAST NOW (Assamese)

NRC-ৰ বিষয়ত হতাশাৰ সুৰ হিমন্তৰ : “জাতীয় দলিল, ঐতিহাসিক দলিল একো নহয়”

August 30, 2019 7:40 pm · এন ই নাও নিউজ
মৰিগাঁৱত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি আৰু জাতীয় ঐক্য মঞ্চৰ একত্ৰীকৰণ সমাৱেশত মন্ত্ৰী হিমন্ত বিশ্ব। ৩০ আগষ্টত। ফটোৰ উৎস : টুইটাৰ।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুদিনমান পূৰ্বে এন আৰ চিক ঐতিহাসিক দলিল আখ্যা দিছিল যদিও সোণোৱালৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্বই এন আৰ চিৰ তেনেকুৱা মৰ্য্যাদা নাকচ কৰিছে।

মন্ত্ৰীজনৰ মতে এয়া বহু প্ৰত্যাশিত দলিল নহয়, জাতীয় দলিলো নহয়, ঐতিহাসিক দলিলো নহয়।

“এইবিলাক শব্দৰ গাঁথনি আমি কেতিয়াবাই বাদ দি দিছো। যেতিয়া সঁচা ভাৰতীয়ই কান্দি থাকিব, ক’ত জাতীয় দলিল হ’ব?”, আজি মৰিগাঁৱত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি আৰু জাতীয় ঐক্য মঞ্চৰ একত্ৰীকৰণ সমাৱেশত মন্ত্ৰীজনে কয়।

তেওঁ এন আৰ চিত কোনো গুৰুত্ব আৰোপ কৰিবলৈ অস্বীকাৰ কৰি কয়, “আজিৰ দিনটোত এন আৰ চিৰ পৰা কাৰ নাম বাদ পৰিব, কাৰ নাম বাদ নপৰিব তাক আলোচনা কৰাতকৈ চৰকাৰৰ কাৰণে আটাইতকৈ দায়িত্বপূৰ্ণ কামটো হ’ল শান্তি-শৃংখলা বজাই ৰখা।”

মন্ত্ৰীজনে কয়, ট্ৰিবিউনেলেহে বিদেশী-স্বদেশীৰ আচল সংখ্যাটো দিব।

“…গতিকে নাম নাথাকিলেই তেওঁ স্বদেশীও হৈ নাযায় বা বিদেশীও হৈ নাযায়। ফৰেইনাৰ্ছ ট্ৰিব্যুনেলেহে স্বদেশী বিদেশী নিৰ্ণয় কৰিব।  সেইবাবেই হিন্দুৱেই হওক, মুছলমানেই হওক, খ্ৰীষ্টানেই হওক, বৌদ্ধই হওক বিদেশী ন্যায়াধিকৰণলৈ যোৱাৰ সুযোগ পাব। ফৰেইনাৰ্ছ ট্ৰিব্যুনেলেহে স্বদেশী বিদেশী নিৰ্ণয় কৰিব।”

বহু প্ৰত্যাশিত আৰু অসমৰ জাতীয়তাবাদী সংগঠন তথা জনগণৰ অধিকাংশৰ দীৰ্ঘদিনীয়া দাবীৰ পিছত হ’বলৈ ওলোৱা এন আৰ চিক এক প্ৰকাৰৰ বোজা জ্ঞান কৰা দেখা গ’ল বিত্ত মন্ত্ৰীজনক।

“যেনে-তেনে পৰ্বটো পাৰ হৈ গ’লেই আমি ভাল পাওঁ। শান্তি-শৃংখলা অটুট থাকক। অফিচাৰবিলাক কামে-কাজে লাগক।” মন্ত্ৰী হিমন্তৰ মন্তব্য।

তেওঁৰ মতে, বিদেশী খেদাৰ অন্য উপায়ৰ কথাহে ভাবিছে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে।

“আমি নতুন চিন্তা ইতিমধ্যে আমি আৰম্ভ কৰিছো। এন আৰ চিক বিদেশী খেদাৰ দলিল বুলি ভবা নাই। তাৰ নতুন চিন্তা-চৰ্চা ইতিমধ্যে দিল্লী আৰু দিচপুৰত আৰম্ভ হৈছে।” মন্ত্ৰীজনৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য।

উল্লেখযোগ্য যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি ক্ষমতালৈ আহিলে বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি প্ৰতিশ্ৰুতি দিছিল।

মুখ্য সচিব আলোক কুমাৰে উচ্চতম ন্যায়ালয়ত দিয়া তথ্য মতে, ২০১৫-২০১৮ সময়ছোৱাত অসমত চিনাক্ত কৰা ৪৬ হাজাৰ বিদেশীৰ মাত্ৰ ২০০০জনৰহে সন্ধান আছে চৰকাৰৰ হাতত আৰু মাত্ৰ ৪জনকহে বহিষ্কাৰ কৰা হৈছে।

Related News