‘ৰাইজৰ আশীৰ্বাদত মাৰ্ঘেৰিটাৰ ই ভি এম কংগ্ৰেছ মুক্ত হ’ব’: হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sharma

মাৰ্ঘেৰিটাত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

‘প্ৰদ্যুৎ বৰদলৈক মাৰ্ঘেৰিটা পৰা ৰাইজে বিদায় দিছে’ বৃহস্পতিবাৰে ডিব্ৰুগড়ত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰ চলাই এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

ভাষণত ড° শৰ্মাই বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ খতিয়ান ডাঙি ধৰাৰ লগতে প্ৰধানমন্ত্ৰী হিচাপে পুনৰবাৰ নৰেন্দ্ৰ মোডীক আসনাধিষ্ঠ কৰাৰ স্বাৰ্থত ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়।

আনহাতে, পুলুৱামাৰ প্ৰসংগ উল্লেখ কৰি হিমন্তই পাকিস্তানে ৰঙা চকু দেখুৱালে প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰত বৰ্ষৰ ৰাইজে দিয়া শক্তিৰে সেই চকু আজুৰি আনিব বুলি মন্তব্য কৰে।

স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে কেইবাজনো দলীয় নেতা আৰু প্ৰায় তিনি হাজাৰৰো অধিক ৰাইজৰ উপস্থিতিত শৰ্মাই প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু প্ৰদু্ৎ বৰদলৈক চোকা সমালোচনা কৰে।

সভাত দুয়োগৰাকী কংগ্ৰেছী নেতাক সমালোচনা কৰি হিমন্তই আৰু কিছুদিন কংগ্ৰেছ শাসনত থকা হ’লে তেওঁলোকে সকলোকে লুঙী পিন্ধালে হেতেন বুলি কয়।

আনহাতে, প্ৰদ্যুৎ বৰদলৈ প্ৰসংগত মন্তব্য কৰি হিমন্তই কয় যে নগাঁওত প্ৰদ্যুৎ বৰদলৈ পৰাজিত হ’ব আৰু মাৰ্ঘেৰিটাতো তেওঁৰ স্থান নাইকিয়া হ’ব। কিছু দিনৰ পাছত মাৰ্ঘেৰিটাত ৰাইজে ই ভি এমত কংগ্ৰেছৰ হাতৰ ছবিও দেখা নাপাব বুলি মন্তব্য কৰে হিমন্তই।

উল্লেখযোগ্য যে, ৩৮ নং ৰাষ্টীয় ঘাই পথৰ জৰাৰ্জীণ অৱস্থাৰ বাবে  বাবে যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখিন হৈ অহা মাৰ্ঘেৰিটাৰ ৰাইজে নিৰ্বাচনৰ পাছতে এই সমস্যাৰ পৰা মুক্তি পাব বুলি উল্লেখ কৰি হিমন্তই মাৰ্ঘেৰিটাৰ জৰাজীৰ্ণ বাট-পথ নিৰ্মানৰ বাবে ৩৩ কোটি টকা মোকলাই দিয়া বুলি কয়।

ভাষণত মন্ত্ৰীগৰাকীয়ে মাৰ্ঘেৰিটা সমষ্টিত অহা ৬ মাহৰ ভিতৰত যিসকলে বৃদ্ধ পেঞ্চন পোৱা নাই সেই সকল লোকক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা, মাৰ্ঘেৰিটাৰ প্ৰতিখন গাঁওৰ কেঁচা পথ পকীকৰণ কৰা, যিবোৰ আত্মসহায়ক গোটে  পূৰ্বে ২৫ হাজাৰ টকা পাইছিলে এইবাৰ ৫০ হাজাৰ আৰু যিবোৰে ৫০ হাজাৰ পাইছিল সেইসকলে ১ লাখ টকাকৈ লাভ কৰা সকলো কাম নিৰ্বাচনৰ পাছতে সম্পুৰ্ণ কৰা হ’ব বুলিও হিমন্তই উল্লেখ কৰে।

লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিৰ পৰা পৱন সিং ঘাটোৱাৰক পৰাস্ত কৰি পুনৰ বাৰ ৰামেশ্বৰ তেলীয়ে সাংসদ হ’ব বুলি কয় বিজেপিৰ ষ্টাৰ কেম্পেইনাৰগৰাকীয়ে।