ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ‘জিন্না’সকলক খেদিবৰ বাবে কৰা হৈছে : হিমন্ত বিশ্ব শৰ্মা

06-01-19 Guwahati- Himanta Biswa Sarma press conference (1)

গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ প্ৰকৃত বিদেশী চিনাক্তকৰণৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম চলি থকাৰ সময়তে বিজেপিৰ দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে  এক বিস্ফোৰক মন্তব্য আগবঢ়ায়।

‘’এনআৰচি ‘জিন্না’সকলক খেদিবৰ কাৰণে কৰা হৈছে, এইটো পূৰ্বৰে পৰা স্পষ্ট হৈ আছে।‘’ গুৱাহাটী আৱৰ্ত ভৱনত এই ‘স্পষ্ট’ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ।

তেওঁ লগতে কয়, ‘’দাস, কলিতা বৰুৱাক খেদিবৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰা হোৱা নাই।‘’

ইপিনে, উক্ত সংবাদমেলতে এজন সাংবাদিকে ‘’নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম নাইকিয়া হৈ যাব নেকি?’’ বুলি প্ৰশ্ন কৰাত শৰ্মাই কয়, ‘’কেনেকৈ কাম নাইকিয়া হ’ব? বৰঞ্চ আমাৰ লাভ হ’ব। এনআৰচিৰ জৰিয়তে ‘জিন্না’সকলক চিনাক্ত কৰিব পাৰিম, বৰক্ষেত্ৰীৰ আসনখন অসমীয়াৰ হাতলৈ আহিব।‘’

‘’মই জিন্নাৰ বিৰোধী, আপুনি এতিয়া জিন্নাক বিৰোধিতা কৰিবও পাৰে, নকৰিবও পাৰে।‘’ প্ৰশ্নকৰ্তা সাংবাদিকক উদ্দেশ্যি হিমন্তৰ উত্তৰ।

ইপিনে, আন এজন সাংবাদিকে ‘’নাগৰিকত্ব সংশোধনী বিধেয়কে সংবিধানৰ ধৰ্ম নিৰপেক্ষতাত আঘাত হানিব নেকি? বুলি সোধাত হিমন্তৰ উত্তৰ আছিল, ‘’আপোনালোকৰ দৰে মই ‘চেকুলাৰ’ নহয়। মোৰ মূল দায়িত্ব এইটো নহয় যে সংবিধানত কি উল্লেখ আছে। মোৰ প্ৰথম দায়িত্ব হ’ব ‘জাতি-মাটি-ভেটি ৰক্ষা কৰা।আইএমডিটি আইন বাতিল হোৱা সময়ত হিন্দু আৰু মুছলমানৰ জনগাঁথনি পৰিৱৰ্তন হোৱাটো দেখুৱাইয়ে ৰায় দিছিল উচ্চতম ন্যায়ালয়ে। আপুনি তেতিয়া উচ্চতম ন্যায়ালয়ক সুধিব লাগিছিল যে চেকুলাৰ হৈ তেওঁলোকে কিয় এনে ৰায় দিলে?’’

আনহাতে, যোৱা ২৬ ডিচেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত ৬ জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত এখন আলোচনা অনুষ্ঠিত হৈছিল বুলি সংবাদমেলত সদৰী কৰে হিমন্তই।

তাত হোৱা আলোচনা সম্পৰ্কত উক্ত সংবাদমেলৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই কয়, ‘’বৰ্তমান জনজাতীয় লোকসকলৰ যি অধিকাৰ, সেই অধিকাৰৰ হনন নকৰাকৈ ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। তেতিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ পূৰ্বে এই প্ৰতিশ্ৰুতি দি অহা বুলি উল্লেখ কৰাৰ লগতে এই বিষয়টো চালি-জাৰি চাই অধ্যয়ন কৰি থকা বুলি কয়।‘’

অহা এসপ্তাহৰ ভিতৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ৬ জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কিবা এটা ইতিবাচক ঘোষণা লাভ কৰিব বুলি সংবাদমেলৰ জৰিয়তে মন্ত্ৰী শৰ্মাই আশা প্ৰকাশ কৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি, ৬ জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে চৰম প্ৰতাৰণা কৰি অহাৰ প্ৰতিবাদেৰে অহা ৮ জানুৱাৰীত ১২ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থাই।

আনহাতে, সেই একেখন সংবাদমেলতে উচ্চস্তৰীয় কমিটিখনত সদৌ অসম ছাত্ৰ সন্থাই নথকাৰ সিদ্ধান্তক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শৰ্মাই।

‘’সদৌ অসম ছাত্ৰ সন্থাৰ কাৰণে এইটো এটা ঐতিহাসিক সুযোগ, মই তেওঁলোকক বিনম্ৰতাৰে ক’ম মানকাচৰ পৌৰ নিগমত অসমীয়া লোকে নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে সংৰক্ষিত আসন পাব। এটা ঐতিহাসিক সুযোগ নৰেন্দ্ৰ মোদীয়ে অসমীয়া ৰাইজৰ ওচৰত আনি দিছে। ঐতিহাসিক ভুল আগতে হৈ গৈছে, আৰু ভুল কৰাৰ সময় নাই। অন্য ইছ্যুত মতবিৰোধ থকিলেও এইক্ষেত্ৰত তেওঁলোকে সহযোগিতা কৰিব লাগে।‘’ আছুৰ প্ৰতি এইদৰে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

অৱশ্যে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬ নং দফা  ৰূপায়ণ কৰাৰ বাবে সমিতি গঠন কৰাৰ কথা কোৱাৰ বিপৰীতে নাগৰিকত্ব  সংশোধনী বিধেয়কৰ জৰিয়তে  ৫ নং দফা উলংঘা কৰিব বিচাৰিছে বুলি নৰ্থ ইষ্ট নাওৰ আগত মন্তব্য কৰাৰ লগতে সমিতিখনো অৰ্থহীন বুলি উল্লেখ কৰিছিল।