বিধেয়কক লৈ হিমন্ত বিশ্ব শর্মাৰ কৌতুক : মই সফল হ’লো

51604574_10156346063723983_6954255198499897344_n

বিত্ত মন্ত্ৰী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

বুধবাৰে বিধানসভাত ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ পাছতে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এখন সংবাদ মেলত আত্ম প্ৰশংসাৰে সকলোকে আমোদ দিয়ে। নিজৰ বাক পটুতা প্ৰদৰ্শনৰ কছৰৎ কৰি তেওঁ শেহতীয়া পৰিস্থিতিত গ্ৰহণ কৰা ভূমিকা সন্দৰ্ভত কিছু টিপ্পনি দিয়ে।

সংবাদ মাধ্যমক প্ৰত্যাহ্বান জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ গৌৰৱ গৰিমা সদৰী কৰি কয়, ‘’ অসমৰ টিভি চেনেল, বাতৰিকাকত মই নহ’লে নচলে। মোক লৈ সকলো ব্যস্ত থাকে আৰু এই কথাই মোক তৃপ্তি দিয়ে।‘’

তেওঁ লগতে কয়,‘’নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয় ক’ৰবাতে ৰ’ল, মই সফল হ’লো। সংবাদ মাধ্যমৰ ইচ্ছ্যু কেনেকৈ ডাইভাৰ্ট কৰিব লাগে মই জানো। মই বিধেয়কৰ ইচ্ছ্যু ডাইভাৰ্ট কৰিলো। মোক কোনে ৰখাব পাৰিলে, আপোনালোকে মোক বলে নোৱাৰিলে।‘’

আনহাতে, ক’লা পতাকা প্ৰদৰ্শন সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী শৰ্মাই কয়, ‘’ক’লা পতাকা দেখুওৱা ল’ৰাকেইটাৰ চেহেৰা দেখিলে দুখ লাগে। আন্দোলন কৰা মানুহ হিচাপে এইবোৰ কথাত আমি দুখ পাওঁ।‘’

ইপিনে, আজি মন্ত্ৰী শৰ্মা যেন আত্মশ্লাঘাত বিভোৰ হৈ পৰিল। তেওঁ মন্তব্য কৰে, ‘’সংগ্ৰাম বিতৰ্কিত বিধেয়কক লৈ হৈছিল, কিন্তু প্ৰতিবাদ শেষ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ নামতহে।‘’

তদুপৰি, টিভিৰ ষ্টুডিঅ’ত চেঙেলি মাছৰ দৰে জপিয়াই কি লাভ হ’ল বুলি প্ৰশ্ন কৰি মন্ত্ৰী শৰ্মাই কয়,’’মোক লৈ আপোনালোকে গৌৰৱ কৰক, কিয়নো সকলোৱে মোৰ নাম লয়। পশ্চিমবংগৰ মুখ্য মন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৱে লৈছে মোৰ নাম।‘’

মন্ত্ৰী গৰাকীয়ে এইবোৰ কথাত লাগিয়ে নাথাকো বুলি উল্লেখ কৰি আজৰি সময়ত ‘টাইম পাছ’ কৰিবলৈ কিবা এটা কৈ তাৰ পাছত নিজৰ কামত ব্যস্ত হৈ যোৱা বুলিও মন্তব্য কৰে।