বোকাখাতত ১০০খন বিচনাযুক্ত চিকিৎসালয় মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

Himanta Biswa Sarma inaugurates 100-bedded hospital in Bokakhat

অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বোকাখাতৰ নৱ নিৰ্মিত ১০০খন বিচনাযুক্ত চিকিৎসালয় আনুষ্ঠানিকভাৱে মুকলি কৰে৷

এই উপলক্ষে আয়োজিত বিশেষ অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু ফিটা কাটি চিকিৎসালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা, কৃষি মন্ত্ৰী অতুল বৰা, তেজপুৰ লোকসভাৰ সাংসদ পল্লৱ লোচন দাস আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলি ৰাম ৰংহাং উপস্থিত থাকে৷

২০১৮ চনৰ ১২ অক্টোবৰত আধাৰশিলা স্থাপন কৰা এই ১০০খন বিচনাযুক্ত বিচনাখন অতি কম সময়ৰ ভিতৰত নিৰ্মান কৰি উলিওৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই৷

চিকিৎসালয় উদ্বোধন কৰাৰ পিচতে বোকাখাতৰ নাট্য মন্দিৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহন কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে কভিড১৯ৰ সংক্ৰমনৰ দুৰ্দিনতে আমাৰ চৰকাৰে চাৰি হাজাৰ নাৰ্চৰ নিযুক্তি কোনো বিতৰ্ক নোহোৱাকৈ দিব পাৰিলো৷ কভিড ১৯ ৰ সংক্ৰমনৰ দুৰ্দিনৰ মাজতে গোলাঘাটত সতী সাধনী বিশ্ববিদ্যালয়ৰ অনুমোদন আৰু কাজিৰঙা মহাবিদ্যালয়ক আমি স্বীকৃতি প্ৰদান কৰিবলৈ সক্ষম হৈছো৷

বোকাখাতক পৰ্যটন নগৰী কৰি গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা হাতত লোৱাৰ লগতে বোকাখাত আৰু কাজিৰঙা অঞ্চলত সঘনাই হৈ থকা পথ দুৰ্ঘটনালৈ লক্ষ্য কৰি অচিৰেই প্ৰায় ১৩ কোটি টকাৰ ব্যয় সাপেক্ষে এটা আই চি ইউ সংযুক্ত ট্ৰমা চেন্টাৰ এটা নিৰ্মান কৰা হব বুলিও তেওঁ মন্তব্য কৰে৷

উল্লেখ্য সদ্যহতে নৱনিৰ্মিত এই ১০০খন বিচনাযুক্ত চিকিৎসালয়খন কভিড চিকিৎসালয় হিচাবে অহা ৫ অক্টোবৰৰ পৰা ব্যৱহৃত হব বুলি হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে৷

চিকিৎসালয়খনত অক্সিজেনৰ লগতে ১০টা ভেন্টিলেটৰৰো ব্যৱস্থা আছে৷

ক্ৰমবৰ্ধমান কভিড১৯ সংক্ৰমনৰ সময়ত বোকাখাতৰ এই নৱনিৰ্মিত চিকিৎসালয়খনে বোকাখতীয়া ৰাইজক যথেষ্ঠ উপকৃত কৰিব৷