NORTHEAST NOW (Assamese)

হিমন্ত বিশ্ব শৰ্মা ক্ৰমাৎ বিজেপিৰ বাবে সমস্যালৈ ৰূপান্তৰিত হৈছে : হৰিশ ৰাৱত

October 13, 2018 10:37 pm · এন ই নাও নিউজ
Updated: October 13, 2018 10:38 pm

সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপিৰ বাবে বোধহয় আটাইতকৈ অপ্ৰিয় সত্য কথাটো আজি প্ৰকাশ পালে কংগ্ৰেছৰ অসমৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱতৰ মুখত।

আজি দিল্লীত নিজৰ ঘৰতে অনুষ্ঠিত এখন সংবাদমেলত ৰাৱতে কয় যে হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ বাবে ক্ৰমে সমস্যাত পৰিণত হৈছে। ৰাৱতৰ মন্তব্যই প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপিৰ চৰকাৰখনৰ শক্তিশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এক প্ৰকাৰৰ অস্বস্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনাই বেছি।

আন এটা মন্তব্যত ৰাৱতে কয় যে সৰ্বানন্দ সোণোৱাল বেছি জনপ্ৰিয় নেতা হৈ থকাটো হিমন্তই মনেপ্ৰাণে নিবিচাৰে।

ইয়াৰোপৰি তেওঁ কয় যে যিসকলৰ কান্ধত উঠি বিজেপিয়ে শাসনলৈ আহিছিল, তেওঁলোকৰে নাম এন আৰ চিৰ পৰা বাদ পৰাত সমস্যাত পৰিছে বিজেপি দলটো।

আনহাতে এ আই য়ু ডি এফৰ সৈতে কংগ্রেছৰ মিত্ৰতাৰ কোনো পৰিকল্পনা নাই বুলিও স্পষ্টকৈ কয় ৰাৱতে।

Related News