কৰ্ম সংস্থাপন দিব নোৱাৰা চৰকাৰে অহা বছৰ অসমৰ ডেকা ল’ৰাক দিব ৰয়েল এনফিল্ড বুলেট!

a him

২৬ লাখ নিৱনুৱাক সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি তল পৰিল।

এইবাৰ  অসমৰ নৱ প্ৰজন্মক চাকৰিৰ টোপ নহয়, বাইকৰ টোপ দিলে বিজেপিয়ে।

আজি সৰভোগৰ এখন জনসভাত অংশগ্ৰহণ কৰি বিগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাজ্যৰ ২৬ লাখ নিৱনুৱাক সংস্থাপিত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া ৰাজ্যৰ  স্বাস্থ্য আৰু বিত্ত দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডেকা ল’ৰাসকলক ৰয়েল এনফিল্ড বুলেট দিয়াৰ আশ্বাস দিয়ে।

মন্ত্ৰী হিমন্ত বিশ্বই কয় যে যদি অহাবাৰ বিজেপি পুনৰ শাসনলৈ আহে তেন্তে অসমৰ ডেকা ল’ৰাসকলক  চৰকাৰে ৰয়েল এনফিল্ড বুলেট প্ৰদান কৰিব।

তেওঁ অৱশ্যে ৰয়েল এনফিল্ড বুলেট লাভ কৰিবলৈ কেনে যোগ্যতাৰ প্ৰয়োজন হ’ব সেই বিষয়ে একো কথা খৰচি মাৰি নক’লে।

ডেকা ল’ৰাসকলক প্ৰলুব্ধ  কৰি হিমন্ত বিশ্ব শৰ্মাই মাথো কয় যে অহা বছৰ তেওঁলোকে চৰকাৰে দিবলগীয়া বুলেট  চলাবলৈ সাজু হওঁক।

বাইক চলোৱাৰ বাবে প্ৰয়োজন হোৱা অনুজ্ঞাপত্ৰ এই বছৰতে উলিয়াই ল’বলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

উল্লেখ্য ইয়াৰ পূৰ্বেও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত সাংবাদিকৰ আগত  অসমৰ ল’ৰাক বাইক দিব বুলি ধেমেলীয়া সুৰত প্ৰকাশ কৰিছিল।

আজিও তেওঁ একে মন্তব্যই কৰাত বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

নিৱনুৱাৰ হা-হুমনিয়াহ ভালদৰে অনুধাৱন কৰিব নোৱাৰা বিজেপি চৰকাৰ খনে  অনুষ্ঠিত কৰা বহু কেইটা চাকৰিত আজিও প্ৰাৰ্থী মকৰল হোৱা  নাই।

কেতিয়াবা ফলাফল ওলালেও নিযুক্তিৰ কথাটো ধোৱাঁচাঙত উঠিছে।

এনে পৰিস্থিতিত ডেকা ল’ৰাসকলক বাইক দিয়াৰ টোপ দি হিনম্ত বিশ্বই ৰাজ্যৰ নৱপ্ৰজন্মকে উপহাস কৰা বুলি বিভিন্ন মহলত চৰ্চা হৈছে।