বহু বছৰলৈকে শাসনত থাকিব হিমন্ত বিশ্ব : ২০২৩-২৪ ৰ পঞ্জীকাৰ ভৱিষ্যত বাণী

২০২৪ ত বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহিলেও যথেষ্ট বাধাৰ সন্মুখীন হ’ব বিজেপি চৰকাৰ। শনিৰ প্ৰভাৱৰ বাবে ভাৰতত আভ্যন্তৰীণ আইন শৃঙ্খলা বৰ্তাই ৰখাত বিজেপি চৰকাৰ ব্যৰ্থ হ’ব।

২০২৪ চনতো শাসনলৈ আহিব বিজেপি চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাও বহু বছৰলৈ থাকিব শাসনত।

যোৱা মঙলবাৰে গুৱাহাটী প্ৰেছক্লাবত উন্মোচন কৰা হয় ২০২৩-২৪ বৰ্ষচক্ৰৰ পূৰ্ণাংগ কাল পঞ্জিকা। এই পঞ্জিকা উন্মোচনৰ অনুষ্ঠানতে পঞ্জিকাখনৰ মূল গণনাকাৰী পুলিন চন্দ্ৰ দেৱশৰ্মাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰদান কৰিছে কেইবাটাও ভৱিষ্যতবাণী।

পঞ্জিকাখনত উল্লেখ থকা মতে ২০২৪ চনত দেশৰ সাধাৰণ নিৰ্বাচনত পুনৰ বিজেপিয়েই ক্ষমতালৈ আহিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজযোগ দীৰ্ঘদিনলৈ অপৰিৱৰ্তিত হৈ থাকিব।

দেৱশৰ্মাই কোৱা মতে ২০২৪ ত বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহিলেও যথেষ্ট বাধাৰ সন্মুখীন হ’ব বিজেপি চৰকাৰ। শনিৰ প্ৰভাৱৰ বাবে ভাৰতত আভ্যন্তৰীণ আইন শৃঙ্খলা বৰ্তাই ৰখাত বিজেপি চৰকাৰ ব্যৰ্থ হ’ব। ৮ ব’হাগৰ পিছত বৃহস্পতি মেঘ ৰাশিলৈ আগমন কৰাৰ বাবে দেশত সাম্প্ৰদায়িক সংঘাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইয়াৰ বাহিৰেও পুলিন চন্দ্ৰ দেৱশৰ্মাই কয় যে অসমৰ লগত চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদ চলি থাকিব। লগত অশুভ কাৰকৰ বাবে দেশত হিংসা, হত্যা, চুৰি আদি কাণ্ড যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনহাতে কাতি মাহৰ ১২ তাৰিখৰ পেৰা চীন আৰু পাকিস্তানৰ লগত ভাৰতৰ যুদ্ধ হোৱাৰ সম্ভাৱনাও দেখা পাইছে জ্যোতিষী গৰাকীয়ে।

উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাৰ লগতে সৰ্বানন্দ সোণোৱালেও আৰু বহু বছৰলৈ ৰাজভোগ কৰাৰ কথা উল্লেখ আছে পঞ্জিকাখনত।